আফগানিস্তানত তালিবানৰ উত্থানকলৈ উদ্বিগ্ন ভাৰত

আফগানিস্তানত তালিবানৰ উত্থানক লৈ উদ্বিগ্ন হৈ পৰিছে ভাৰত। কেৱল ভাৰতেই নহয় আফগানিস্তানৰ এই তাৎক্ষণিক ঘটনাৰ প্ৰভাব পৰিছে সমগ্ৰ বিশ্বতে। ছোভিয়েট ইউনিয়নে আফগানিস্তান ত্যাগ কৰাৰ সময়তো বিশ্বজুৰি এনে প্ৰভাব দেখিবলৈ পোৱা গৈছিল। জম্মু–কাশ্মীৰৰ পৰা পাঞ্জাৱলৈ সকলোতে ইয়াৰ প্ৰভাৱ দেখা গৈছিল। তালিবানৰ উত্থানৰ ফলত পাকিস্তান সীমান্ত সম্পূৰ্ণৰূপে উন্মক্ত হৈ পৰিব আৰু ইয়াৰ প্ৰভাৱ ভাৰত বিশেষভাৱে পৰাৰ সম্ভাৱনা আছে। আফগানিস্তান চৰকাৰে ভাৰত আৰু আমেৰিকাৰ সহযোগত দেশখনত যি আন্তঃগাথনিৰ বিকাশ ঘটাইছিল সেইবোৰক তালিবানে এতিয়া ভাৰতৰ বিৰুদ্ধেই ব্যৱহাৰ কৰিব পাৰে। বিষয়টো ভাৰতৰ বাবে এই মুহূৰ্তত যথেষ্ট সংবেদনশীল ৰূপে বিবেচিত হৈছে। আফগানিস্তানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ পিছতেই তালিবান অধিক শক্তিশালী হৈ পৰিছে আৰু ইয়াৰ লগে লগে চীনৰ স’তে তালিবানৰ সম্পৰ্ক অধিক ঘনিষ্ঠ হৈ পৰিছে। পাকিস্তান আৰু চীনৰ সহযোগত তালিবানে ভাৰতৰ প্ৰতি বিশেষ ভাবুকিৰ সৃষ্টি কৰিছে। পাকিস্তানৰ ৰাজনৈতিক দল টেহৰিক ই তালিবানে ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। চীন আৰু পাকিস্তানৰ সৈতে মিলি ভাৰতৰ বাবে যি ভাবুকিৰ সৃষ্টি কৰিছে তাক প্ৰতিহত কৰাটোৱে এতিয়া ভাৰতৰ বাবে হ’ব তীব্ৰ প্ৰত্যহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...