হোৱাইট হাউচৰ বাহিৰত তীব্ৰ প্ৰতিবাদ; আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে জগৰীয়া জ’ বাইডেন

আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনক জগৰীয়া কৰিছে আমেৰিকাত থকা আফগানী নাগৰিকসকলে। হোৱাইট হাউচৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আফগান নাগৰিকসকলে ৰাষ্ট্ৰপতি বাইডেনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। মাৰ্কিন ৰাষ্ট্ৰপতিয়ে এই সংবেদনশীল বিষয়টোত যথোচিত গুৰুত্ব নিদিয়া বাবেই তালিবানে অনায়াসে ৰাজধানী কাবুলসহ সমগ্ৰ আফগানিস্তান দখল কৰা বুলি জ’ বাইডেনক জগৰীয়া কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতিয়ে সময় মতে ব্যৱস্থা গ্ৰহণ কৰা হ’লে তালিবানে আফগানিস্তান দখল কৰিবলৈ সক্ষম নহ’লেহেঁতেন বুলি মন্তব্য কৰে প্ৰতিবাদী আফগান নাগৰিকসকলে। মাৰ্কিন ৰাষ্ট্ৰপতিয়ে আফগানিস্তানক প্ৰতাৰণা কৰা বুলি তেওঁলোকে অভিযোগ কৰে।

আশ্ৰফ ঘানী চৰকাৰক ওফৰাই আফগানিস্তান তালিবানে দখল কৰাৰ পিছত সমগ্ৰ দেশজুৰি এতিয়া শংকা আৰু আতংক। তালিবানী নীতিৰে দেশ শাসনৰ প্ৰস্তুতি চলোৱাৰ সময়তে তালিবানক লৈ শংকিত হৈ পৰিছে সমগ্ৰ দেশবাসী। দেশখনত থকা আন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকসকলো নিৰাপত্তাহীনতাত ভুগিছে। ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ নাগৰিকে আফগানিস্তান ত্যাগৰ বাবে তৎপৰ হৈ পৰিছে যদিও যাতায়াতৰ সমস্যা গভীৰ হৈ পৰিছে। বিদেশী নাগৰিকসকলে দেওবাৰৰ পৰা বিমানবন্দৰলৈ ঢাপলি মেলিছে যদিও সাময়িকভাৱে বিমান চলাচল বন্ধ কৰি দিয়া হৈছে। ফলত বিমান বন্দৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছে বিভিন্ন দেশৰ হেজাৰ হেজাৰ নাগৰিক। চৌদিশে বোমা–বাৰুদ আৰু মৰ্টাৰ-ৰকেটৰ শব্দই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। কেৱল সাধাৰণ নাগৰিকেই নহয় আফগানিস্তানত নিৰাপত্তহীনতাত ভুগিছে উচ্চপদস্থ বিষয়া আৰু ৰাজনৈতিক নেতাসকলো। ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীৰ পলায়নৰ পিছত দেশখনৰ আন কেবাজনো সাংসদে আশ্ৰয় বিচাৰি ভাৰতলৈ অহা প্ৰস্তুতি চলাইছে যদিও তেওঁলোকে এতিয়াও আফগানিস্তানৰ পৰা ওলাই আহিবলৈ সমক্ষ হোৱা নাই। অৱশ্যে দেওবাৰে তালিবানে কাবুল দখলৰ পূৰ্বে কেইবাজনো আফগান ৰাজনৈতিক নেতাই ভাৰতত উপস্থিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...