হঠাৎ কিয় জ্বলি উঠিল শ্বিলং চহৰ? সীমা বিবাদ নে আন কিবা…

গুৱাহাটী, ১৫ আগষ্ট, NKTV: প্ৰাক্তন এইচএনএলচি উগ্ৰপন্থী চেৰিষ্টাৰফিল্ড থাংখিউক হত্যাৰ পিছত যোৱা কেইবাদিন ধৰি অস্থিৰতাৰ পিছত মেঘালয়ৰ চাৰিখন জিলাত ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰা হৈছে। মেঘালয়ৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জনোৱা অনুসৰি শান্তি বিঘ্নিত কৰাৰ সম্ভাৱনা থকা আৰু ৰাজহুৱা সুৰক্ষাৰ প্ৰতি এই ব্যৱস্থা গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে।

মেঘালয়ত প্ৰাক্তন এইচএনএলচি উগ্ৰপন্থীৰ ন্যায়িক বহিৰ্ভূত সংঘৰ্ষৰ পিছৰে পৰা উত্তপ্ত হৈ আছিল মেঘালয়। শনিবাৰে শ্বিলঙৰ মটফ্ৰানত হাইনিৱট্ৰেপ য়ুথছ কাউন্সিলে (এইচৱাইচি) ইয়াৰ বিৰুদ্ধে বেনাৰ লগোৱা পৰিলক্ষিত হৈছিল। এইচৱাইচিয়ে গৃহমন্ত্ৰী লাহকমেন ৰিম্বুইক অপসাৰণ আৰু মেঘালয় আৰক্ষীৰ বিৰুদ্ধে গোচৰ চলাবলৈ দাবী জনাইছিল কিয়নো সংগঠনটোৱে অনুভৱ কৰে যে, শুকুৰবাৰে আৰক্ষীয়ে হত্যা কৰা প্ৰাক্তন এইচএনএলচি সাধাৰণ সম্পাদকক ‘ভুৱা এনকাউণ্টাৰ’ত হত্যা কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...