প্ৰথমবাৰলৈ হ্ৰাস পালে সুৰা পান কৰি ধৰা পৰাৰ জৰিমনা! ক’ত জানেনে?

সুৰা পান কৰি ধৰা পৰা সকলৰ বাবে প্ৰথমবাৰলৈ জৰিমনা হ্ৰাস কৰিলে বিহাৰ চৰকাৰে। এতিয়াৰে পৰা ২০০০পৰা ৫০০০ টকাৰ ভিতৰত জৰিমনা পৰিশোধ কৰিব লাগিব সুৰাপান কৰি ধৰা পৰা লোকে।

নিষিদ্ধকৰণ আইনৰ সংশোধনীত এই সিদ্ধান্ত লৈছে বিহাৰ চৰকাৰে। বিহাৰৰ যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে সুৰা পান কৰি ধৰা পৰিব তেওঁলোকক জৰিমনা পৰিশোধ কৰাৰ পাছত মুকলি কৰি দিয়া হ’ব। আৰু বিধানসভাৰ বাজেট অধিবেশনত গৃহীত হোৱা সংশোধনীখনত জৰিমনাৰ পৰিমাণৰ বিৱৰণ দিয়া হোৱা নাছিল।

সোমবাৰে বিহাৰৰ ৰাজ্যিক কেবিনেটে নতুন জৰিমনাৰ অনুমোদন জনায় আৰু প্ৰথমবাৰৰ বাবে সুৰা পান কৰা সকলৰ বাবে ২০০০ৰ পৰা ৫০০০হাজাৰ টকাৰ ভিতৰত জৰিমনা পৰিশোধ কৰিলেহে মুকলি কৰি দিয়া হ’ব। ২০১৮ চনৰ সংশোধনীৰ অনুসৰি দোষীৰ বাবে জৰিমনা আছিল ৫০০০০ টকা।

আনহাতে, যদি কোনোবা অপৰাধীয়ে জৰিমনা পৰিশোধ কৰাত বিফল হয়, তেন্তে তেওঁলোকৰ এমাহৰ কাৰাবাস হ’ব পাৰে। তাৎপৰ্যপূৰ্ণভাৱে, উচ্চতম ন্যায়ালয়ে আদালতত সুৰাৰ গোচৰ, বিশেষকৈ জামিন সম্পৰ্কীয় গোচৰ ৰুজু কৰাৰ বাবে ৰাজ্যখনক তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

আৰু শেষত ৰাজ্য চৰকাৰে নতুন সংশোধনী প্ৰণয়ন কৰে আৰু জৰিমনাৰ পৰিমান হ্ৰাস কৰে। যাতে বিহাৰৰ সাধাৰণ জনতাৰ আইনী ব্যবস্থাত সুৰাৰ গোচৰত অত্যাধিক বোজা নাথাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...