৩১ অক্টোবৰলৈকে বেচিব নোৱাৰিব মাছ, কঠোৰ প্ৰশাসন !

অসম চৰকাৰৰ মীন নীতি, ১৯৫৩ (সংশোধিত ২০০৫) অনুসৰি সমগ্র তিনিচুকীয়া জিলাতে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ ৩১ জুলাইলৈকে কণী থকা গাভিনী মাছ ধৰা আৰু ১ আগষ্টৰ পৰা ৩১ অক্টোবৰ পৰ্যন্ত অপৈণত অৱস্থাত থকা মাছ ধৰা অথবা বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি সমগ্ৰ জিলাত ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে ৭ বৰ্গ ছেমি:-১৪ছে:মি:লৈকে কম পাহিৰ ব্ৰেৰজাল, মহাজাল, ফাঁচিজাল বা অন্য ঘোষিত মীন মহলত ব্যৱহৃত জালসমূহ নিষেধ কৰা হৈছে। ১ মে’ৰ পৰা ১৫ জুলাইলৈকে ৰৌ, বাহু, মিৰিকা, মালি, চিতল, পিঠিয়া, ঘৰীয়া আৰু কুঢ়ি প্ৰজাতিৰ কণী থকা গাভিনী মাছ ঘোষিত মীন মহলত ধৰাটো নিষেধ কৰা হৈছে।
১ আগষ্টৰ পৰা ৩১ অক্টোবৰলৈকে ৰৌ, বাছ, মিৰিকা, মালি, চিতল, পিঠিয়া, ঘৰীয়া আদি মাছৰ ২৩ ছে:মি: দৈৰ্ঘ্যতকৈ তলৰ আৰু মালি, ভাঙোন, কুঢ়ি মাছৰ ১০ ছে:মি: দৈৰ্ঘ্যতকৈ সৰু মাছ খোৱা অথবা বিক্ৰীৰ বাবে ধৰিব নোৱাৰিব।
যদি মাছ ধৰাৰ সময়ত তেনে মাছ জালত পৰে, তেনেহ’লে জীয়াই জীয়াই উক্ত মীন মহলত এৰি দিব লাগিব। ১ মে পৰা ৩১ জুলাইলৈকে কোনো নদী, ডুবা, বিল বা মীন মহলত ৭ বৰ্গ ছে:মি:তকৈ সৰু ফাঁকৰ অস্থাৱৰ ‘বান’ (বাঁহেৰে তৈয়াৰী মাছ ধৰা সজুঁলি) মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। এই আদেশ ভংগ কৰিলে অসম মীন আইনৰ ২২ নং আৰু ৪১নং ধাৰা অনুসৰি আদেশ ভংগকাৰীসকলক জৰিমনা বিহাৰ লগতে ব্যৱহাৰ হোৱা জাল, অন্যান্য মাছ ধৰা সঁজুলি আদি বাজেয়প্ত কৰা হ’ব৷ ইয়াৰ উপৰিও ভাৰতীয় মীন আইন ১৮৯৭ ধাৰা ৭(১), মীন আইন ১৯৫৩ চনৰ ২৭নং ধাৰা অনুসৰি উক্ত আইন ভংগকাৰীক গ্রেপ্তাৰ কৰাৰ উপৰিও বিহিত শাস্তি প্রদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত পুনৰ ভয়াৱহ বানৰ আশংকা, চীনৰ সতৰ্কবাণী

নেপালত পুনৰ ভয়ংকৰ আকস্মিক বানৰ ‘উচ্চ আশংকা’ — চীনৰ...

ব্ৰাজিলৰ পিছত ভাৰতত খেলিব দুবাৰৰ FIFA বিশ্বকাপ বিজয়ী উৰুগুৱে

ভাৰতীয় ফুটবলৰ বাবে আহি আছে এক ঐতিহাসিক ক্ষণ। পাঁচবাৰৰ...

মহাৰাষ্ট্ৰৰ টেক্সি আৰু অটো চালকসকলৰ বাবে সকাহ: মাৰাঠী ভাষা শিকিবলৈ ১ বছৰ সময় বান্ধি দিলে চৰকাৰে

মহাৰাষ্ট্ৰ চৰকাৰে অনা-মাৰাঠীভাষী টেক্সি আৰু অটো-ৰিক্সা চালকসকলৰ বাবে এক...