তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ যাত্ৰীবাহী নাও দুৰ্ঘটনা। তামাৰহাটৰ পৰা কঁঠালতলিলৈ যাত্ৰা কৰাৰ সময়তে নাওখনৰ তলি ফাটি হুৰাহুৰকৈ সোমালে পানী। ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ পিছতে নদীৰ বুকুত আবদ্ধ হৈ পৰে শতাধিক যাত্ৰী। একঁকাল-এঠাকু পানীৰ মাজত জীৱন ৰক্ষাৰ বাবে আশ্ৰয় ল’বলগীয়া হৈছে যাত্ৰীসকলে। আবদ্ধ যাত্ৰীসকলৰ মাজত অধিকাংশই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে। ফলত ঘটনাস্থলীত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ।

ইতিমধ্যে নাওখনৰ এটা অংশ পানীৰ তলত বুৰ গৈছে। নাওখনত এখন ই-ৰিক্সাৰ লগতে ২০খনৰো অধিক মটৰচাইকেলো আছিল বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, লেচিৰ দ্বাৰা দীৰ্ঘদিন ধৰি নীতিবহিৰ্ভূতভাৱে এই নাও সেৱা চলাই অহা হৈছিল। নাওখনত মেৰিন ইঞ্জিনৰ ব্যৱস্থা নথকাৰ লগতে যাত্ৰীসকলৰ বাবে লাইফ জেকেটৰো ব্যৱস্থা নাছিল বুলি অভিযোগ উঠিছে।

ঘটনাৰ পিছত এতিয়াও নদীৰ মাজত বহু যাত্ৰী আবদ্ধ হৈ থকাৰ তথ্য পোৱা গৈছে। অৱশ্যে, দুৰ্ঘটনাটোৰ সম্পূৰ্ণ পৰিস্থিতি, উদ্ধাৰ অভিযানৰ অগ্ৰগতি আৰু কোনো লোক হতাহত হৈছে নে নাই। সেই বিষয়ে এই মুহূৰ্তলৈকে নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...