মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী। আমেৰিকান নাগৰিকক ইৰাণ ভ্ৰমণ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে দেশখনত থকা নাগৰিকসকলক পৰিস্থিতি বিবেচনা কৰি ইৰাণ এৰিবলৈ পৰামৰ্শ দিছে আমেৰিকাই।
ইৰাণস্থিত আমেৰিকাৰ ভাৰ্চুৱেল দূতাবাসে জাৰি কৰা নিৰাপত্তা সতৰ্কবাণীত পশ্চিম এছিয়াৰ পৰিস্থিতি জটিল হৈ থকাৰ কথা উল্লেখ কৰা হৈছে। সম্ভাৱ্য বিমান বাতিল, আকাশী পথ বন্ধ আৰু যাতায়াত ব্যৱস্থাত ব্যাঘাতৰ আশংকাত নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে।
ইফালে, ইৰাণৰ পৰা আন দেশলৈ যাত্ৰা কৰিব বিচৰা নাগৰিকসকলক সংশ্লিষ্ট দেশৰ প্ৰৱেশ নিয়ম আৰু প্ৰয়োজনীয়তা আগতীয়াকৈ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে আমেৰিকাই। স্থল সীমান্তৰ পৰিস্থিতিও কম সময়ৰ ভিতৰতে সলনি হ’ব পাৰে বুলি সতৰ্ক কৰা হৈছে।
একেদৰে, ইৰাণ আৰু তেহৰান সমৰ্থিত গোটসমূহে বিদেশত থকা আমেৰিকাৰ স্বাৰ্থ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কূটনৈতিক ব্যৱস্থাক লক্ষ্য কৰিব পাৰে বুলিও সতৰ্কবাণীত উল্লেখ কৰা হৈছে।
ইফালে, ছৌদি আৰবক কেন্দ্ৰ কৰি ইৰাণ সমৰ্থিত হুথি বাহিনীৰ আক্ৰমণ বৃদ্ধি পোৱাত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। ছেপ্টেম্বৰৰ ১৯ তাৰিখে ৰিয়াদৰ দিশে হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ ছৌদি প্ৰতিৰক্ষা বাহিনীয়ে প্ৰতিহত কৰাৰ কথা জনাইছে।
এই পৰিস্থিতিৰ মাজতে ইৰাণ আৰু আমেৰিকাৰ মাজতো বাক-বিতণ্ডা তীব্ৰ হৈছে। ইৰাণে নতুন সামৰিক আক্ৰমণ হ’লে কঠোৰ প্ৰতিশোধৰ হুংকাৰ দিছে।
আমেৰিকাৰ নাগৰিকসকলক পৰিস্থিতিৰ শেহতীয়া তথ্যৰ ওপৰত নজৰ ৰখাৰ লগতে জৰুৰীকালীন যোগাযোগৰ সুবিধাৰ বাবে Smart Traveler Enrollment Program (STEP)-ত নাম পঞ্জীয়ন কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।
