‘লিখিত প্ৰতিশ্ৰুতি’ অবিহনে ভাৰতত বিশ্বকাপ নেখেলে পাকিস্তানে

পাকিস্তানক লাগে ‘লিখিত প্ৰতিশ্ৰুতি’!
‘লিখিত প্ৰতিশ্ৰুতি’ অবিহনে ভাৰতত বিশ্বকাপ নেখেলে পাকিস্তানে
কিন্তু কি এই ‘লিখিত প্ৰতিশ্ৰুতি’?
BCCIৰ পৰা কিহৰ প্ৰতিশ্ৰুতি বিচাৰিছে PCBয়ে?

চলিত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত ক্ৰিকেট বিশ্বকাপ ২০২৩। ২০১১ চনত এম এছ ধোনীৰ নেতৃত্বত বিশ্ব বিজয় কৰা ভাৰতীয় দলে বিগত বিশ্বকাপ সমূহৰ বিফলতাৰ পাহৰি আকৌ বিশ্বকাপ জয়ৰ আশা দেখি আছে ক্ৰিকেটপ্ৰেমী সকলে। বিশেষকৈ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত গুৰুত্বপূৰ্ণ মেচ খন চাবলৈ ৰয় থাকে কোটি কোটি অনুৰাগী। কিন্তু ভাৰতত হ’বলগীয়া বিশ্বকাপত পাকিস্তান দল আহিব নে নাই তাকলৈ এতিয়াও আছে অনিশ্চয়তা। কাৰণ BCCIয়ে পাকিস্তানক ‘লিখিত প্ৰতিশ্ৰুতি’ দিলে হে বিশ্বকাপ খেলিব আহিব বুলি জনাইছে পাকিস্তান ক্ৰিকেট বোৰ্ডে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ নজম চেঠীয়ে বিচাৰিছে যে যদি পাকিস্তান ভাৰতত বিশ্বকাপ খেলিব আহিব লাগে তেন্তে ভাৰতীয় দলো পাকিস্তানত হবলগা ২০২৫ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিবলৈ আহিব বুলি এখন প্ৰতিশ্ৰুতি চিঠি দিব লাগিব বুলি উল্লেখ কৰিছে। কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই BCCIয়ে। জানিব পৰা মতে অতি শীঘ্ৰে বিশ্বকাপক লৈ ICCত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব আৰু তাতেই স্পষ্ট হ’ব পাকিস্তান ভাৰতলৈ আহে নে নাই। ইপিনে,

কোহলি-গম্ভীৰৰ বিতৰ্কক লৈ BCCIৰ খতিয়ান
BCCIলৈ কোহলি লিখিলে ‘মই একো ভুলকৈ কোৱা নাছিলোঁ’

কোহলি-গম্ভীৰৰ বাকযুদ্ধলৈ এতিয়াও চলি আছে সৰৱ চৰ্চা। দুয়োৰে বিতৰ্কলৈ বিৰাট কোহলিয়ে BCCIক দিলে নিজৰ স্পষ্টিকৰণ। ইয়াৰ মাজতে শনিবাৰে অনুষ্ঠিত দিল্লী আৰু বেংগালুৰুৰ খেলখনত দেখা গ’ল এক ভাল লগা দৃশ্য। কোহলি গাংগুলীৰ বিতৰ্কৰ মাজত দুয়োজনে খেল হোৱাৰ পিছত কৰিলে কৰমৰ্দন। পূৰ্বৰ খেলত দুয়ো বিৰত আছিল কৰমৰ্দনৰ পৰা। আনহাতে, নবীন-উল-হকে শেহতীয়াকৈ কৰা এটা পোষ্টকলৈ আকৌ লাগিছে তোলপাৰ। নবীনে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে ‘Treat people the way you wanted”। ইপিনে, ক্ৰিকেট অনুৰাগীৰ এটাই আশা শেষ হওক দুয়োৰে মাজত কাজিয়া। ভাল হওক সম্পৰ্ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...