এটা চৰকাৰী চাকৰিয়ে ভাগ্য মোকলাইছে বহুতৰে

কাৰোবাৰ যদি পিতৃয়ে কৰে দিন হাজিৰা, কাৰোবাৰ ঘৰৰ বেৰৰ জলঙাইদি সৰকে পোহৰ। এতিয়া অন্তত তেওঁলোক আৰু অধিক আত্মবিশ্বাসী। এইবাৰ সুখৰ পোহৰ দেখিব ঘৰখনে। কিয়নো ঘোষনা হোৱা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ ফলাফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুজনেই লাভ কৰিলে চৰকাৰী চাকৰি। কষ্ট আৰু অধ্য়ৱসায়ৰ ফলত ৰজাঘৰীয়া ভোগ আৰ্জিবলৈ সক্ষম বহুজন।

কাৰোবাৰ যদি ঘৰৰ জলঙাই দেখা যায় আকাশ
কাৰোবাৰ এবেলা খালে সিবেলালৈ চিন্তা
এটা চৰকাৰী চাকৰিয়ে ভাগ্য মোকলাইছে বহুতৰে

ঘোষণা হ’ল অসম চৰকাৰৰ বিভিন্ন বিভাগৰ ফলাফল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুজনেই লাভ কৰিলে চৰকাৰী চাকৰি। যি প্ৰাপ্তিয়ে তেওঁলোকক দিলে পূৰ্ণতা। মাক দেউতাকৰ আশা, ঘৰখনৰ দায়িত্ব আৰু সুখেৰে এসাঁজ খাবলৈ হাতত তুলি দিলে এটা বিশ্বাস। বঙাইগাঁও জিলাৰ বইটামাৰীৰ তালগুৰীত প্ৰাপ্তিৰ হাঁহি। বইটামাৰীৰ তালগুৰী গাঁৱৰ সংগিতা সৰকাৰে লাভ কৰিলে আবকাৰী বিভাগত চাকৰি। এসাঁজ খাই আন এসাজৰ বাবে ৰৈ থকা পৰিয়ালটোৰ বাবে এয়া এক খুবেই ভাল খবৰ।

ডিমৌৰ ৰোহিত গগৈৰ জীৱন সংগ্ৰামখন সুকীয়া। ৰোহিতে দিনটোৰ বাবে ওলাই আহিছিল বেটেৰী ৰিক্সা চলাবলৈ। ঠিক তেনেতে আহিল ভাল খবৰতো। ফৰেষ্ট গাৰ্ড নিযুক্তি প্ৰক্ৰিয়াত ডিমৌ ৰূপহিবামৰ ৰোহিত গগৈয়ে লাভ কৰিছে ফৰেষ্ট গাৰ্ড হিচাবে চাকৰি। অতি দৰিদ্ৰ পৰিয়ালৰ ৰোহিতে বেটাৰী ৰিক্সা চলাই পৰিয়াল পোহপাল দি আহিছিল। পুত্ৰৰ চাকৰিত আনন্দৰ চকুলো সৰিল মাতৃৰ। পদূলিৰ পৰা ৰোহিতক আদৰি আনিলে গাওঁবাসীয়ে।

একেদৰে দিন হাজিৰা কৰা জোনমণি কোছঁৰ পুত্ৰই পাইছে দুটাকৈ চাকৰি ৷ জোনমনিয়ে স্বামী হেৰুৱাই লোকৰ ঘৰত কাম-বন কৰি পুতেকক বি,এচ, চি পাছ কৰোৱাৰ পিছত পুত্ৰই ঘোষিত ফলাফলত লাভ কৰিছে দুটাকৈ চাকৰি ৷ অতি দৰিদ্ৰ যুৱক ৰাতুলে অসম পুলিচ আৰু বন বিভাগৰ পৰীক্ষাত পাছ কৰা পিছত ধেমাজি মাছখোৱা চৌখামত আনন্দৰ জোৱাৰ সৃষ্টি হৈছে ৷

ৰহাৰো বহুকেইটা দৰিদ্ৰ পৰিয়ালৰ মাজত আনন্দৰ নিজৰা বোৱা দেখিবলৈ পোৱা গৈছে। আঁহতগুৰিৰ ভাতৃ-ভগ্নী লিপিকা দাস আৰু বিশাল প্ৰসাদ দাস,সৰাগাঁও বাবৰা আটিৰ দীগেন ডেকাকে আদি কৰি বহুতেই লাভ কৰিছে চৰকাৰী চাকৰি। কাৰোবাৰ যদি পিতৃয়ে কৰে দিন হাজিৰা, কাৰোবাৰ ঘৰৰ বেৰৰ জলঙাইদি সৰকে পোহৰ। এতিয়া অন্তত তেওঁলোক আৰু অধিক আত্মবিশ্বাসী। এইবাৰ সুখৰ পোহৰ দেখিব ঘৰখনে। মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰলৈ ধন্যবাদ জনালে আটাইয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অনশন বন্ধ কৰিবলৈ সন্মত সোণম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...

ডাৱৰ বিস্ফোৰণ (Cloudburst) কি?

নাগালেণ্ডৰ মন (Mon) জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ (Cloudburst) পাছত...

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত দ্বাদশ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ খানাপাৰস্থিত নগৰ কাৰ্যালয়ৰ সভাগৃহত...