‘লিখিত প্ৰতিশ্ৰুতি’ অবিহনে ভাৰতত বিশ্বকাপ নেখেলে পাকিস্তানে

পাকিস্তানক লাগে ‘লিখিত প্ৰতিশ্ৰুতি’!
‘লিখিত প্ৰতিশ্ৰুতি’ অবিহনে ভাৰতত বিশ্বকাপ নেখেলে পাকিস্তানে
কিন্তু কি এই ‘লিখিত প্ৰতিশ্ৰুতি’?
BCCIৰ পৰা কিহৰ প্ৰতিশ্ৰুতি বিচাৰিছে PCBয়ে?

চলিত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত ক্ৰিকেট বিশ্বকাপ ২০২৩। ২০১১ চনত এম এছ ধোনীৰ নেতৃত্বত বিশ্ব বিজয় কৰা ভাৰতীয় দলে বিগত বিশ্বকাপ সমূহৰ বিফলতাৰ পাহৰি আকৌ বিশ্বকাপ জয়ৰ আশা দেখি আছে ক্ৰিকেটপ্ৰেমী সকলে। বিশেষকৈ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত গুৰুত্বপূৰ্ণ মেচ খন চাবলৈ ৰয় থাকে কোটি কোটি অনুৰাগী। কিন্তু ভাৰতত হ’বলগীয়া বিশ্বকাপত পাকিস্তান দল আহিব নে নাই তাকলৈ এতিয়াও আছে অনিশ্চয়তা। কাৰণ BCCIয়ে পাকিস্তানক ‘লিখিত প্ৰতিশ্ৰুতি’ দিলে হে বিশ্বকাপ খেলিব আহিব বুলি জনাইছে পাকিস্তান ক্ৰিকেট বোৰ্ডে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ নজম চেঠীয়ে বিচাৰিছে যে যদি পাকিস্তান ভাৰতত বিশ্বকাপ খেলিব আহিব লাগে তেন্তে ভাৰতীয় দলো পাকিস্তানত হবলগা ২০২৫ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিবলৈ আহিব বুলি এখন প্ৰতিশ্ৰুতি চিঠি দিব লাগিব বুলি উল্লেখ কৰিছে। কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই BCCIয়ে। জানিব পৰা মতে অতি শীঘ্ৰে বিশ্বকাপক লৈ ICCত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব আৰু তাতেই স্পষ্ট হ’ব পাকিস্তান ভাৰতলৈ আহে নে নাই। ইপিনে,

কোহলি-গম্ভীৰৰ বিতৰ্কক লৈ BCCIৰ খতিয়ান
BCCIলৈ কোহলি লিখিলে ‘মই একো ভুলকৈ কোৱা নাছিলোঁ’

কোহলি-গম্ভীৰৰ বাকযুদ্ধলৈ এতিয়াও চলি আছে সৰৱ চৰ্চা। দুয়োৰে বিতৰ্কলৈ বিৰাট কোহলিয়ে BCCIক দিলে নিজৰ স্পষ্টিকৰণ। ইয়াৰ মাজতে শনিবাৰে অনুষ্ঠিত দিল্লী আৰু বেংগালুৰুৰ খেলখনত দেখা গ’ল এক ভাল লগা দৃশ্য। কোহলি গাংগুলীৰ বিতৰ্কৰ মাজত দুয়োজনে খেল হোৱাৰ পিছত কৰিলে কৰমৰ্দন। পূৰ্বৰ খেলত দুয়ো বিৰত আছিল কৰমৰ্দনৰ পৰা। আনহাতে, নবীন-উল-হকে শেহতীয়াকৈ কৰা এটা পোষ্টকলৈ আকৌ লাগিছে তোলপাৰ। নবীনে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে ‘Treat people the way you wanted”। ইপিনে, ক্ৰিকেট অনুৰাগীৰ এটাই আশা শেষ হওক দুয়োৰে মাজত কাজিয়া। ভাল হওক সম্পৰ্ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ জুবিন গাৰ্গ মৃত্যুৰ গোচৰ; ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতে...

দিন-দুপৰতে ডিব্ৰুগড়ৰ ৰাজগড়ত ডকাইতি! জুৱেলাৰ্ছৰ সন্মুখৰ পৰাই ১০ লক্ষাধিক টকাৰ সোণ, নগদ ধন লুটি উধাও দুৰ্বৃত্ত

টিংখাঙৰ ৰাজগড়ত পুৱাই সংঘটিত চাঞ্চল্যকৰ দিন-দুপৰীয়া ডকাইতিৰ ঘটনাই সমগ্ৰ...