বুকুত বাজিছে ৰাণা দাৰ সুৰ… কৃষ্ণচূড়া, কৃষ্ণচূড়া, কৃষ্ণচূড়া

মানুহৰ হাই উৰুমি, ক্ষন্তেকীয়া ঔদ্ধত্যক নস্যাত কৰি, প্ৰকৃতিয়ে পালন কৰিছে চিৰাচৰিত নিয়ম। সৰ্বত্ৰ পাতিছে সুন্দৰৰ মেলা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এতিয়া সৰগীয় ৰহণ চৰিছে। কলিয়াবৰত কলিজাৰ ৰঙৰ দৰে ৰঙা হৈ ফুলিছে কৃষ্ণচূড়া।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এতিয়া সৰগীয় ৰহণ চৰিছে। ফুলিছে কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোণাৰু। বাৰিষাৰ প্ৰাকক্ষণত প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যই আকাশ কৰি তুলিছে ভিন্নৰঙী। কলিয়াবৰৰ পৰা কাজিৰঙা নতুবা কাজিৰঙাৰ পৰা কলিয়াবৰৰ দিশে যাত্ৰা কৰা প্ৰতিগৰাকী যাত্রীক প্ৰকৃতিৰ এই মনোৰম দৃশ্যই ৰোমাঞ্চিত কৰি তুলিছে। কলিয়াবৰৰ প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যই এতিয়া হাত-বাউলি মাতিছে অজস্ৰজনক।

প্ৰকৃতিৰ এই ন-ৰূপতেই প্ৰাণ পায় উঠে কবিৰ কবিতাই, সৃষ্টি হয় নতুন চিন্তা, নতুন সুৰৰ ,নতুন গীতৰ। অসমৰ কত কবি, গীতিকাৰে আপোন মাটিৰ গোন্ধতেই নিমজ্জিত হৈ ৰচি গৈছে এনে বহু কালজয়ী গীত। কৃষ্ণচূড়াৰ দৰেই ৰাধাচূড়াৰ ফুল খোপাত গুজি ৰাধাপুৰৰ ৰাধিকাই গাইছে বসন্তৰ গীত। সোণাৰুৰ হালধীয়া আব্দাৰ দেখি বাটৰ বাটৰুৱাই সুধিছে ফুল ফুলিছে কি?

এনেদৰেই এতিয়া মানুহৰ হাই উৰুমি, ক্ষন্তেকীয়া ঔদ্ধত্যক নস্যাত কৰি, প্ৰকৃতিয়ে পালন কৰিছে চিৰাচৰিত নিয়ম। সৰ্বত্ৰ পাতিছে সুন্দৰৰ মেলা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...