লখিমপুৰত আৰম্ভ পি এম কিষান আঁচনিৰ বিশেষ শিবিৰ

কেন্দ্ৰীয় চৰকাৰৰ জনপ্ৰিয় আঁচনি ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ দেশৰ অন্যান্য জিলাৰ লগতে লখিমপুৰ জিলাতো কৃষি বিভাগৰ অধীনত ৰূপায়ণ কৰা হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকলৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত ১৪ নং কিস্তিৰ ধন লাভ কৰাত সহায় হোৱাকৈ আজিৰে পৰা জিলাখনৰ প্ৰতিটো পঞ্চায়ত সামৰি আয়োজন কৰা হৈছে “পি এম কিষান বিশেষ শিবিৰ”।

অহা ১৯ জুন তাৰিখলৈকে চলিব লগীয়া এই কেম্পৰ স্থানসমূহ জানিবলৈ জিলা উপায়ুক্ত কাৰ্যালয়, জিলা কৃষি বিভাগৰ কাৰ্যালয়, মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়, সংশ্লিষ্ট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া, কৃষি সখী, গাঁও প্ৰধানসকলৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ’ল। ইফালে এই শিৱিৰলৈ আহোঁতে যোগ্য হিতাধিকাৰীসকলে নিজৰ আধাৰ কাৰ্ড, খেতি মাটিৰ প্ৰমাণ পত্ৰ, পূৰ্বে এই আঁচনিৰ অধীনত ধন লাভ কৰাৰ বেংকৰ পাছবুক, আধাৰ সংলগ্ন মোবাইল নম্বৰ লৈ আহিবলৈ আহ্বান জনাইছে লখিমপুৰ জিলা কৃষি বিষয়াই।

আজিৰ পৰা অনুষ্ঠিত হোৱা এই শিবিৰত আঁচনিৰ যোগ্য হিতাধিকাৰীসকলে CSC কেন্দ্ৰৰ জৰিয়তে বায়মেট্ৰিক e-KYCৰ সুবিধা লাভ কৰাৰ উপৰিও জিলা প্ৰশাসনৰ দ্বাৰা নিয়োজিত কৃষি সখী, জীৱিকা সখী, কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীৰ সহায়ত e- kycৰ কাম সম্পন্ন কৰাৰ সুবিধা লাভ কৰিব। সেইদৰে শিৱিৰত অংশগ্ৰহণ কৰা বিভিন্ন বেংকৰ প্ৰতিনিধিৰ সহায়ত নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংলগ্নকৰণৰ লগতে প্ৰত্যক্ষ লাভ স্থানান্তৰ (DBT) ৰ বাবে প্ৰযোজনীয় কাম সমাধান কৰাৰো সুবিধা লাভ কৰিব।

ইফালে এই শিৱিৰতে ইণ্ডিয়ান পোষ্ট পে’মেণ্টচ বেংকৰ প্ৰতিনিধিৰ সহায়ত প্ৰত্যক্ষ লাভ স্থানান্তৰৰ বাবে সক্ষম আধাৰ সংযুক্ত বেংক একাউণ্ট খোলাৰো সুবিধা লাভ কৰিব আঁচনিৰ অধীনৰ যোগ্য হিতাধিকাৰীসকলে। লখিমপুৰ জিলা কৃষি বিভাগৰ সহযোগত জিলা কৃষি বিভাগে আয়োজন কৰা এই বিশেষ শিবিৰত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে জিলা কৃষি বিভাগে।

NKTV Digital
Author: NKTV Digital

369 COMMENTS

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...