অমিতাৰ উপকাৰিতাৰ কথা আপুনি জানেনে?

অমাৰ সকলোৰে এবিধ চিনাকী ফল হৈছে অমিতা। অমিতা আমি সকলোৱে খাওঁ। অমিতা এবিধ ফল হোৱাৰ লগতে ইয়াৰ বহু ঔষধি গুণ আছে। অমিতাৰ ঔষধি গুণৰ কথা আপুনি জানেনে? অমিতাত ভিটামিন ‘C’ , ‘A’, পটাছিয়াম, কেলচিয়াম আৰু আয়ৰণেৰে ভৰপুৰ অমিতা স্বাস্থ্যৰ বাবে বৰ উপকাৰী ফল। অমিতাই পেট, হৃদযন্ত্ৰ, লিভাৰৰ বিভিন্ন ৰোগ দুৰ কৰাতো সহায় কৰে। ফলৰ ভিতৰত অন্যতম স্বাস্থ্যবৰ্ধক গুণেৰে পৰিপুৰ্ণ অমিতাই পেটৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। অমিতা এবিধ এনেধৰণৰ ফল য’ত ভিটামিন-‘C, ভিটামিন-‘A’, পটাছিয়াম, কেলচিয়াম আৰু আয়ৰণৰ প্ৰচুৰ পৰিমাণে পোৱা যায়।

অমিতাই ওজন হ্ৰাস কৰাত সহায় কৰে। পকা অমিতা সামান্য মিঠা যদিও কম কেলৰিযুক্ত হোৱা বাবে ওজন হ্ৰাস কৰিবলৈ বিচৰা ব্যক্তিয়ে নিজৰ আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰি ল’ব পাৰে। ইয়াৰ লগতে চকুৰ বিভিন্ন ৰোগৰ বাবেও উপকাৰী অমিতা। ইয়াত থকা যথেষ্ট পৰিমাণৰ ভিটামিন-‘A’ ৰ উপস্থিতিয়ে চকুক ৰোগৰ পৰা ৰক্ষা কৰি থাকে। লগতে চকুৰ ৰশ্মি কম হোৱাৰ পৰাও ৰক্ষা কৰে। অমিতা খাই থাকিলে ছানি পৰা ৰোগ নিৰাময় হোৱাৰ লগতে চকুৰ ৰশ্মিও বৃদ্ধি পায়। অমিতাই কলেষ্টেৰল কম কৰে। অমিতাত আঁহ, ভিটামিন-‘C’ আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ মাত্ৰাত পোৱা যায় আৰু এই উপাদানবিলাকে শৰীৰৰ সিৰা-উপসিৰা ঢাকি ৰখা কলেষ্টেৰলৰ পৰা ৰক্ষা কৰে। মাত্ৰাৰ এল.ডি.এল. কলেষ্টেৰল হৃদযন্ত্ৰ বিকল হোৱা, উচ্চ ৰক্তচাপ আদি বহু ৰোগৰ কাৰণ হ’ব পাৰে।

অমিতাত থকা পেপেইন নামৰ এনজাইমে মহিলাৰ মাহেকীয়া হোৱাৰ সময়ত হোৱা পেটৰ বিষৰ পৰা ৰক্ষা কৰে। সেয়ে মাহেকীয়া হোৱাৰ সময়ত বিষত ভোগা মহিলাসকলে আহাৰত অমিতা খাব লাগে। ইয়াৰ লগতে অমিতাই প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে অমিতাই। শৰীৰত প্ৰতিদিনৰ বাবে আৱশ্যক হোৱা ভিটমিন-‘C’ৰ ১০০ শতাংশ এটা অমিতাত পোৱা যায়। এইদৰে ই শৰীৰৰ বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

ডায়েবেটিছ ৰোগীৰ বাবে উত্তম পকা অমিতা। পকা অমিতা সোৱাদত মিঠা হোৱা সত্ত্বেও অমিতাত নামমাত্ৰ চুগাৰ থাকে। সেয়ে অমিতা ডায়েবেটিছ ৰোগীৰ হানিকাৰক নহয়। তদুপৰি যিসকল লোকৰ ডায়েবেটিছ ৰোগ নাই, সেইসকল লোকেও অমিতা খালে ডায়েবেটিছ হোৱাৰ আশংকা নাথাকে। বিভিন্ন ৰোগৰ লগতে কৰ্কট ৰোগতো অমিতাই সহায় কৰে। অমিতা খালে ক’লন আৰু প্ৰ’ষ্টেট গ্ৰন্থিৰ কেন্সাৰৰ পৰা ৰক্ষা পাব পাৰি। অমিতাত এণ্টিঅক্সিডেণ্ট, সুক্ষ্ম পুষ্টি উপাদান আৰু ফ্লেভনয়ড যথেষ্ট পৰিমাণে পোৱা যায়। ইয়াৰোপৰি ইয়াত থকা ভিটামিন ‘C’,বিটা কেৰোটিন আৰু ভিটামিন ‘E’য়ে শৰীৰত কেন্সাৰ কোষ সৃষ্টি হোৱাত বাধা প্ৰদান কৰে। অমিতাত ফাইবাৰৰ (আঁহ) লগতে ‘পেপেইন’নামৰ আন এবিধ পদাৰ্থ পোৱা যায়। এইবিধ উপাদানে হজম শক্তি বৃদ্ধি কৰে। যিসকল লোকে পেটৰ বিভিন্ন সমস্যাৰ লগতে কোষ্ঠকাঠিন্যত ভুগি আছে, তেওঁলোকে এনেবোৰ সমস্যাৰ পৰা মুক্ত হ’বলৈ নিয়মিতভাৱে অমিতা খোৱাটো প্ৰয়োজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...

ভাৰতত পৰোক্ষ ধূমপানৰ ভয়ংকৰ প্ৰভাৱ, ৪৪.৪ কোটি লোক ধোঁৱাৰ সংস্পৰ্শত

ভাৰতত পৰোক্ষ ধূমপান অৰ্থাৎ আন কোনো ব্যক্তিয়ে কৰা ধূমপানৰ...

নেপালত ভাৰতীয় ফৰেনছিক দলৰ ১,৪০০ৰো অধিক DNA নমুনাৰ পৰীক্ষণ, ২৭৫ ভাৰতীয় এতিয়াও সন্ধানহীন

নেপালত সংঘটিত ভয়ংকৰ দুৰ্যোগৰ পিছত উদ্ধাৰ আৰু চিনাক্তকৰণ অভিযান...