নিমৰ ঔষধি গুণৰ কথা আপুনি জানেনে?

নিম এবিধ ঔষধি গছ। ইয়াৰ ডাল, পাত, শিপা বা মুল সকলোখিনি উপযোগী। নিম এবিধ বহুবৰ্ষজীৱি চিৰহৰিৎ বৃক্ষ। ক্ৰিমিনাশক হিচাপে নিমৰ ৰস খুবেই কাৰ্য্যকৰি। নিম গছৰ কাঠ খুব টান আৰু কেতিয়াও ঘূনপোক নধৰে, উইপোকেও খাব নোৱাৰে আৰু এই কাৰণে আজিকালি নিমৰ আচবাব পত্ৰও তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও প্ৰাচীন কালৰে পৰাই বাদ্যযন্ত্ৰ বনোৱাৰ কাৰণে নিম কাঠ ব্যৱহাৰ হৈ আছে।

নিমৰ ঔষধি গুণৰ কথা আপুনি জানেনে? বিশ্বব্যাপী নিম গছ, ইয়াৰ পাত, মুল, ফল আৰু বাকলী ঔষধৰ কেঁচা সামগ্ৰী হিচাপে পৰিচিত। বৰ্তমান বিশ্বত ই Antiseptic হিচাপেও পৰিচিত। ই বেক্টেৰিয়াৰোধক, ভাইৰাচৰোধক, কীটপতংগনাশক, মেলেৰিয়া নিৰাময়, দন্তচিকিৎসাত বিষমুক্তি, জ্বৰনাশক আৰু জন্ম নিয়ন্ত্ৰনত ব্যৱহাৰ কৰা হয়।

নিমৰ ব্যৱহাৰ বিষয়ে জানো আহক –

১. কফজনিত বুকুৰ বিষ হ’লে ৩০ টোপাল নিম পাতৰ ৰস কুসুমীয়া গৰম পানীৰ লগত দিনত ৩-৪ বাৰ খালে বুকৰ বিষ কমে। গৰ্ভৱতী মহিলা, শিশু আৰু বৃদ্ধৰ বাবে এইটো নিষেধ।

২. শিশুৰ ক্ৰিমিজনিত ৰোগৰ বাবে পেট ডাঙৰ হোৱা আৰু নানা ধৰণৰ শাৰীৰিক উপসৰ্গ দেখা দিয়ে। ইয়াৰ বাবে ৫০ মিঃগ্ৰাঃ পৰিমাণ নিম গছৰ মূলৰ ছালৰ গুড়ি দিনত ৩ বাৰ সামান্য গৰম পানীৰ লগত খালে উপষম পোৱা যায়।

৩. নিমৰ পাত বটি পাতলকৈ মূৰত প্ৰলেপ দি এঘন্টা পিছত ধুব লাগে। ২-৩ এনেকৈ লগালে ওকনি মৰি যায়।

৪. কীটপতংগ কামূৰিলে বা শুং ডবালে নিমগছৰ মূলৰ ছাল বাপাত বটি ক্ষতস্থানত লগালে বিষ উপষম হয়।

৫. নিমৰ পাত,ছালৰ গুড়ি কিংবা নিমৰ ছালেৰে নিয়মিত দাঁত মাজিলে দাঁত মজবুত নিৰোগী হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড়ৰ ডনবস্কো’ স্কুলত ১২ ছাত্ৰৰ আঘাতৰ ঘটনা, আৰম্ভ তদন্ত

ডিব্ৰুগড়ৰ ডনবস্কো' এইচ এছ স্কুলত সংঘটিত এক উদ্বেগজনক ঘটনাক...

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত...

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...