বিলাহীয়ে বিহু দেখুৱালে ৰাইজক

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ অতিষ্ঠ জনতা। বিলাহীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱালে জনতাক। এইবাৰ পুনৰ পিয়াঁজৰ জুই। প্ৰতিকিলো পিয়াঁজত এতিয়া ৫০টকালৈকে মূল্যবৃদ্ধি হৈছে হাহাকাৰ গৃহিণীৰ।

বিলাহীয়ে বিহু দেখুৱালে ৰাইজক
এইবাৰ পিয়াঁজৰ পাল
পিয়াঁজে কন্দুৱাই পেলাইছে

ৰাজ্যত এতিয়া দিশহাৰা গৃহিণী। মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে খাটীখোৱা জনতাক। পুৱা উঠাৰ পৰা ৰাতি শোৱালৈ ব্যৱহাৰ কৰা প্ৰায় প্ৰতিবিধ সামগ্ৰীৰেই মূল্যবৃদ্ধি হৈছে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে জনতাক। পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি। চাউল, তেল, আলু, দাইলৰ মূল্যবৃদ্ধিত কোঙা দৰিদ্ৰ।

কিছুদিন পূৰ্বে মূল্যবৃদ্ধি হৈছিল বিলাহীৰ
বিলাহীৰ দাম হৈছিলগৈ এশ টকা, এশ দহ টকা প্ৰতি কিলো। ৭০–৮০টকাত কোনোবাই বিলাহী দিলে এনেকৈ ভিৰ কৰিছিল গ্ৰাহকে। বিলাহী যেন দেশত নতুন আপেলতহে পৰিণত হৈছিল। কি হৈছে কিয় হৈছে বুজি নোপোৱা শ্ৰেণী হাইৰাণ। বিলাহী হৈ পৰিছিল আভিজাত্যৰ প্ৰতীক। তাৰ পাছত
এইবাৰ পিয়াঁজ
বজাৰত এতিয়া প্ৰতিকিলো পিয়াঁজৰ মূল্য ৪৫টকা, ৫০ টকা।
বিলাহীৰ দাম শুনি পিলাই চমকি গৈছে গৈছে গ্ৰাহকৰ। বিলাহী খাবই নে সজাই থব ভাবি পোৱা নাই।

বজাৰত জুই
সমস্যাত পৰিছে পাচলি বেপাৰী। বিলাহী নিকিনা হৈছে গ্ৰাহকে। বজাৰলৈ নহা হৈছে। লোকচানত খুচুৰা বেপাৰী। বিলাহী দাম শুনি গ্ৰাহকে কয় এইটো সোণৰ বিলাহী নেকি?
এতিয়া মাংস বুলি কলে জিভাৰ পানী নহয়। মূৰৰ ঘামহে মাটিত পৰে। কাৰণ পিয়াঁজ দিব লাগিব।
কিন্তু কিয় বাঢ়িছে পিয়াঁজৰ দাম?
পিয়াঁজৰ খেতি হোৱা ৰাজ্য মহাৰাষ্ট্ৰ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশত বানৰ প্ৰভাৱ পৰিল। সেইবাবেই পিয়াঁজৰ যোগান হ্ৰাস পালে। মজুত কম। পৰিণতিত বাঢ়িছে পিয়াঁজৰ দাম। কিন্তু
ইমানতেই শেষ নহয়
আৰু বাঢ়িব
ছেপ্তেম্বৰ মাহলৈ বাঢ়িয়েই থাকিব পিয়াঁজৰ দাম
ইয়াৰ মাজতে কেন্দ্ৰই ল’লে সিদ্ধান্ত…
পিয়াঁজৰ ৰপ্তানিৰ ওপৰত আৰোপ কৰিলে ৪০ শতাংশ কৰ
পিয়াঁজৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত
দাম বাঢ়িয়েই থাকিব বুলি ওলোৱা খবৰতহে হাহাকাৰ গৃহিণীৰ। কাটিব নালাগেই। পিয়াঁজ বুলি শুনিলেই চকুপানী ওলায়। আচ্ছে দিন বিচাৰিছিল নহয়। লওক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...