লাডাখত ১৪,২৭০ ফুট উচ্চতাত পিতৃ ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি ৰাহুলৰ

বাইকেৰে লাডাখত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কংগ্ৰেছৰ যুৱৰাজক কাষত পাই উতফুল্লিত লাডাখৰ জনতা। লাডাখত ১৪,২৭০ ফুট উচ্চতাত প্ৰয়াত পিতৃ ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ। লাডাখ ভ্ৰমণ কৰি ৰাহুলে ক’লে চীনা সৈন্যই ভাৰতৰ ভূমি দখল কৰাটো সত্য। প্ৰধানমন্ত্ৰী মোদীয়ে মিছা মাতিছে।

চীনে ভাৰতৰ ভূমি দখল কৰা নাই বুলি মিছা মাতিছিল মোদীয়ে
লাডাখ ভ্ৰমণ কৰি ক’লে ৰাহুল গান্ধীয়ে

২০২০ বৰ্ষৰ জুন মাহত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল ২০ ভাৰতীয় জোৱান। তাৰ পাছত সৰ্বদলীয় বৈঠক আহ্বান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল-
ভাৰতৰ এক ইঞ্চি মাটিও দখল কৰা নাই চীনে
সীমা সুৰক্ষিত কৰিবৰ বাবে সকলো পদক্ষেপ লোৱা বুলি বিৰোধী আৰু দেশবাসীক আশ্বস্ত কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেয়া ২০২০ চনৰ জুন মাহৰ কথা। আৰু এয়া শেহতীয়া ছবি। এইদৰে বাইক লৈ লাডাখত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। লাডাখৰ জনতাৰে কোনো অসুবিধা নোহোৱাকৈ মত বিনিময় কৰিবলৈ বাইকেৰে যাত্ৰা ৰাহুলৰ।

লাডাখত ১৪,২৭০ ফুট উচ্চতাত পিতৃ ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি ৰাহুলৰ
সাংবাদিকৰে মত বিনিময় কৰি সৰুকালৰ সময় সুঁৱৰিলে ৰাহুলে। লাডাখ ভ্ৰমণ কৰি প্ৰয়াত পিতৃয়ে ৰাহুল গান্ধীক কৈছিল- লাডাখ পৃথিৱীৰ ভিতৰতেই অন্যতম ধুনীয়া ঠাই

ভাৰত জোড়ো যাত্ৰাতেই লাডাখৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা আছিল ৰাহুল গান্ধীৰ। কিন্তু সেয়া হৈ নুঠিল। সেয়ে পিতৃৰ জয়ন্তীৰ সময়তে ৰাহুলৰ লাডাখ ভ্ৰমণ। ৰাহুলে ক’লে – লাডাখ সীমান্তত চীনা সৈন্য আগ্ৰাসনৰ কথা। চীনা সৈন্যই ভাৰতৰ ভূমি দখল কৰাটো সত্য।
প্ৰধানমন্ত্ৰী মোদীয়ে মিছা মাতিছিল
অসন্তুষ্ট লাডাখৰ জনতা
নিবনুৱা আৰু মূল্যবৃদ্ধিৰ সমস্যা

পেংগং হ্ৰদত ৰাতি কটালে ৰাহুলে। নুব্ৰা উপত্যকা আৰু কাৰ্গিলো ভ্ৰমণ কৰিব ৰাহুলে। ৰাহুলক কাষতেই পায় উতফুল্লিত লাডাখৰ জনতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা নীতিন নবীন মোৰ বছ, মই তেওঁৰ কৰ্মী : প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় জনতা পাৰ্টিৰ নতুন সভাপতি নীতিন নবীন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

কি বিপদত পৰিল আবুধাবি? কিয় হঠাৎ দুঘণ্টাৰ বাবে ভাৰতলৈ আহিল UAEৰ ৰাষ্ট্ৰপতি?

ভাৰত ভ্ৰমণৰ বাবে আকস্মিকভাৱে উপস্থিত হয় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ...

পুনৰ চৰ্চাত কিম জং উন; পথৰ মাজতে বৰ্খাস্ত কৰিলে উপ-প্ৰধানমন্ত্ৰীক

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন কঠোৰ নীতি আৰু...

আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ...