বিলাহীয়ে বিহু দেখুৱালে ৰাইজক

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ অতিষ্ঠ জনতা। বিলাহীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱালে জনতাক। এইবাৰ পুনৰ পিয়াঁজৰ জুই। প্ৰতিকিলো পিয়াঁজত এতিয়া ৫০টকালৈকে মূল্যবৃদ্ধি হৈছে হাহাকাৰ গৃহিণীৰ।

বিলাহীয়ে বিহু দেখুৱালে ৰাইজক
এইবাৰ পিয়াঁজৰ পাল
পিয়াঁজে কন্দুৱাই পেলাইছে

ৰাজ্যত এতিয়া দিশহাৰা গৃহিণী। মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে খাটীখোৱা জনতাক। পুৱা উঠাৰ পৰা ৰাতি শোৱালৈ ব্যৱহাৰ কৰা প্ৰায় প্ৰতিবিধ সামগ্ৰীৰেই মূল্যবৃদ্ধি হৈছে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে জনতাক। পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি। চাউল, তেল, আলু, দাইলৰ মূল্যবৃদ্ধিত কোঙা দৰিদ্ৰ।

কিছুদিন পূৰ্বে মূল্যবৃদ্ধি হৈছিল বিলাহীৰ
বিলাহীৰ দাম হৈছিলগৈ এশ টকা, এশ দহ টকা প্ৰতি কিলো। ৭০–৮০টকাত কোনোবাই বিলাহী দিলে এনেকৈ ভিৰ কৰিছিল গ্ৰাহকে। বিলাহী যেন দেশত নতুন আপেলতহে পৰিণত হৈছিল। কি হৈছে কিয় হৈছে বুজি নোপোৱা শ্ৰেণী হাইৰাণ। বিলাহী হৈ পৰিছিল আভিজাত্যৰ প্ৰতীক। তাৰ পাছত
এইবাৰ পিয়াঁজ
বজাৰত এতিয়া প্ৰতিকিলো পিয়াঁজৰ মূল্য ৪৫টকা, ৫০ টকা।
বিলাহীৰ দাম শুনি পিলাই চমকি গৈছে গৈছে গ্ৰাহকৰ। বিলাহী খাবই নে সজাই থব ভাবি পোৱা নাই।

বজাৰত জুই
সমস্যাত পৰিছে পাচলি বেপাৰী। বিলাহী নিকিনা হৈছে গ্ৰাহকে। বজাৰলৈ নহা হৈছে। লোকচানত খুচুৰা বেপাৰী। বিলাহী দাম শুনি গ্ৰাহকে কয় এইটো সোণৰ বিলাহী নেকি?
এতিয়া মাংস বুলি কলে জিভাৰ পানী নহয়। মূৰৰ ঘামহে মাটিত পৰে। কাৰণ পিয়াঁজ দিব লাগিব।
কিন্তু কিয় বাঢ়িছে পিয়াঁজৰ দাম?
পিয়াঁজৰ খেতি হোৱা ৰাজ্য মহাৰাষ্ট্ৰ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশত বানৰ প্ৰভাৱ পৰিল। সেইবাবেই পিয়াঁজৰ যোগান হ্ৰাস পালে। মজুত কম। পৰিণতিত বাঢ়িছে পিয়াঁজৰ দাম। কিন্তু
ইমানতেই শেষ নহয়
আৰু বাঢ়িব
ছেপ্তেম্বৰ মাহলৈ বাঢ়িয়েই থাকিব পিয়াঁজৰ দাম
ইয়াৰ মাজতে কেন্দ্ৰই ল’লে সিদ্ধান্ত…
পিয়াঁজৰ ৰপ্তানিৰ ওপৰত আৰোপ কৰিলে ৪০ শতাংশ কৰ
পিয়াঁজৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত
দাম বাঢ়িয়েই থাকিব বুলি ওলোৱা খবৰতহে হাহাকাৰ গৃহিণীৰ। কাটিব নালাগেই। পিয়াঁজ বুলি শুনিলেই চকুপানী ওলায়। আচ্ছে দিন বিচাৰিছিল নহয়। লওক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...