দেশজুৰি অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ, বৰ্তমানলৈকে ৫৭৮জন লোক সংক্ৰমিত

দেশজুৰি অমিক্ৰনৰ দ্ৰুত সংক্ৰমণে সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতিৰ। প্ৰতিদিনে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও ক’ভিড সম্পৰ্কীয় নীতি–নিৰ্দেশনা কঠোৰ কৰি তুলিছে। দেশৰ ১৬খনতকৈয়ো অধিক ৰাজ্যত বৰ্তমানলৈকে অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে। শেহতীয়া তথ্য অনুসৰি দেশত অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি পাইছে। অমিক্ৰন সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ।

ৰাজ্যখনত শেহতীয়াকৈ ৩১জন লোকৰ দেহত অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে। মহাৰাষ্ট্ৰত বৰ্তমানলৈকে আক্ৰান্ত লোকৰ সংখ্যা ১৪১জন। ইয়াৰ উপৰি ৰাজধানী দিল্লীৰ লগতে কৰ্ণাটক, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাটতো প্ৰতিদিনে অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ কেইবাখনো ৰাজ্যত সংক্ৰণ ৰোধৰ বাবে নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ লগতে অন্যান্য নীতি–নিৰ্দেশনা কঠোৰ কৰি তোলা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...