দেশজুৰি অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ, বৰ্তমানলৈকে ৫৭৮জন লোক সংক্ৰমিত

দেশজুৰি অমিক্ৰনৰ দ্ৰুত সংক্ৰমণে সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতিৰ। প্ৰতিদিনে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও ক’ভিড সম্পৰ্কীয় নীতি–নিৰ্দেশনা কঠোৰ কৰি তুলিছে। দেশৰ ১৬খনতকৈয়ো অধিক ৰাজ্যত বৰ্তমানলৈকে অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে। শেহতীয়া তথ্য অনুসৰি দেশত অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি পাইছে। অমিক্ৰন সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ।

ৰাজ্যখনত শেহতীয়াকৈ ৩১জন লোকৰ দেহত অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে। মহাৰাষ্ট্ৰত বৰ্তমানলৈকে আক্ৰান্ত লোকৰ সংখ্যা ১৪১জন। ইয়াৰ উপৰি ৰাজধানী দিল্লীৰ লগতে কৰ্ণাটক, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাটতো প্ৰতিদিনে অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ কেইবাখনো ৰাজ্যত সংক্ৰণ ৰোধৰ বাবে নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ লগতে অন্যান্য নীতি–নিৰ্দেশনা কঠোৰ কৰি তোলা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...