ফাদিল হৈছিল নেকি মেট্ৰিকৰ আটাইকেইখন প্ৰশ্নকাকত?

কেৱল বিজ্ঞান, অসমীয়াই নহয় ফাদিল হৈছিল গণিত, সমাজ বিজ্ঞানৰো প্ৰশ্নকাকত!

ৰাজ্যৰ চাৰি লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ মুখলৈ ঠেলি দিয়াৰ সময়তে গোগামুখৰ এজন কৃতী শিক্ষকৰ মহানুভৱতাই উদঙালে শিক্ষা বিভাগৰ নগ্ন ৰূপ।

“মই বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষক হিচাপে নিয়োজিত হৈ আছিলোঁ। ৩ মাৰ্চত অনুষ্ঠিত হোৱা ইংৰাজী পৰীক্ষাৰ পৰাই মোৰ মনত পৰীক্ষা বেমেজালি হোৱাৰ সন্দেহ উপজিছিল। ঠিক একেদৰে গণিতৰ পৰীক্ষাতো প্ৰশ্ন কাকত ফাদিল হোৱাৰ আশংকা মোৰ দুগুণে বৃদ্ধি পাইছিল। মোৰ হাতত সঠিক তথ্য নথকাৰ বাবে মই কাকো অৱগত কৰিব পৰা নাছিলোঁ। অৱশেষত ১২ মাৰ্চত ডিব্ৰুগড়ৰ ছল্ট বুক একাডেমীৰ এজন ছাত্ৰৰ হাতত বিজ্ঞানৰ প্ৰশ্ন কাকতৰ হাতে লিখা কিয়দংশ লাভ কৰিছিলোঁ। আৰু সেই একে সময়তে গণিত আৰু সমাজ বিজ্ঞানৰো প্ৰশ্ন কাকতৰ হাতে লিখা কিয়দংশ লাভ কৰিছিলোঁ। তেতিয়া মোৰ হাতত সঠিক তথ্য লাভ কৰাত মই তৎকালে ধেমাজি জিলাৰ শিক্ষা বিষয়া কবিতা ডেকাক অৱগত কৰিবলৈ ফোন যোগে যোগাযোগ কৰিছিলোঁ যদিওঁ মই সফল নহ’লো। পৰৱৰ্তী সময়ত চেবাৰ কৰ্তৃপক্ষৰ লগতে শিক্ষা মন্ত্ৰীক মই এই কথা অৱগত কৰো। আৰু ধেমাজি শিক্ষা বিষয়াৰ লগতে ডিব্ৰুগড়ৰ প্ৰশাসনক ১৩ তাৰিখে অভিযোগ দাখিল কৰো। তাৰ পাছত ১৪ মাৰ্চত অসমৰ ডি জি পি ডিব্ৰুগড়ত উপস্থিত হৈ মোৰ পৰা বিষয়টো পুংখানুপুংখ ভাৱে লাভ কৰি তদন্ত কৰিবলৈ চি আই ডিত গোচৰ ৰুজু কৰে।” এই মন্তব্য প্ৰশ্ন কাকত ফাদিলৰ মুখ্য অভিযোগকাৰী গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শচীন্দ্ৰ দলেৰ।

কেৱল বিজ্ঞান ,অসমীয়াৰে নহয়, গণিত, সমাজ বিজ্ঞানৰো প্ৰশ্ন কাকত ফাদিল হোৱাৰ সন্দেহ প্ৰকাশ কৰি প্ৰশাসনক অৱগত কৰিছে শচীন্দ্ৰ দলেই। বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষক হিচাপে চেবাই দায়িত্ব দিছিল শচীন্দ্ৰ দলেক। পৰীক্ষা অনুষ্ঠিত হোৱাৰ পৰাই পূৰ্ণ বিসংগতি ধৰা পেলাইছিল নিৰীক্ষক গৰাকীয়ে। অৱশেষত তেখেতৰ অভিযোগৰ সত্যতা প্ৰমাণিত হʼল। উল্লেখ্য যে, এইখন অসমত শচীন্দ্ৰ দলেই একমাত্ৰ শিক্ষক যিয়ে এই তথ্য পোহৰলৈ আনি শৈক্ষিক দিশৰ লগতে এখন সুস্থ নিকা সমাজ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। শচীন্দ্ৰ দলেৰ এনে কৃতকাৰ্যতাক ৰাজ্যবাসীয়ে একেমুখে শলাগ লৈছে। জনাইছে শুভকামনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...