ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ সৈতে দিয়া চেক বাউন্স হোৱাৰ অভিযোগ

বিতৰ্কই লগ এৰা নাই অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক। এইবাৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ সৈতে দিয়া চেক বাউন্স হোৱাৰ অভিযোগ। বঁটাপ্ৰাপকক সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা বঁটাৰ ধন চেকযোগে প্ৰদান কৰা হৈছিল। যোৱা দুদিনত চেক জমা দি হতভম্ব হৈ পৰিছে একাংশ বঁটাপ্ৰাপক। একাউণ্টছত ধন নথকাৰ বাবে এই চেক বাউন্স হোৱাৰ বাবে চেক জমা দিয়াসকলে ওলোটাই চেক বাউন্স হোৱাৰ বাবে জৰিমনা ভৰিবলগীয়া হৈছে। ১৩ মাৰ্চত গুৱাহাটীত দুটা বছৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হৈছিল। নাহিদ আফ্ৰিনক নোগোৱা এটা গীতৰ বাবে বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰি আয়োজকসকল বিতৰ্কত সোমাই পৰিছিল। পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে জুৰী ব’ৰ্ডে ৰাজহুৱাকৈ ক্ষমাও খুজিবলগীয়া হৈছিল। এইবাৰ চিত্ৰ সমালোচনাৰ বাবে পবিত্ৰ কুমাৰ ডেকা স্মাৰক বঁটা লাভ কৰা যুৱ চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীয়ে বঁটাৰ সৈতে পোৱা ২৫ হাজাৰ টকাৰ চেক বেংকত জমা দিয়ে। কিন্তু সঞ্চালকালয়ৰ একাউণ্টছত ধন নথকাৰ বাবে চেক বাউন্স হয়। সাংস্কৃতিক সঞ্চালকালয়ৰ এনে দায়িত্বহীন আৰু অপমানজনক কাৰ্যত চলচ্চিত্ৰ সমালোচকগৰাকী স্তম্ভিত হৈ পৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চন্দ্ৰৰ দক্ষিণ মেৰুৰ বাহিৰেও আন ৪ স্থানত মানৱ অভিযানৰ পৰিকল্পনা! মংগল যাত্ৰাৰ পথো হ’ব সুগম

চন্দ্ৰৰ অজানা ৰহস্য উদ্ঘাটনৰ নতুন সম্ভাৱনা, চাৰিটা স্থানত গৱেষণাৰ...

মুখ্যমন্ত্ৰীৰ বাসগৃহ অভিমুখে ১২ হাজাৰ কৃষক; বিলাসী বাহনেৰে সমদল কৰি ৰাওনা প্ৰতিবাদী কৃষক

মহাৰাষ্ট্ৰত কৃষকৰ ঋণ ৰেহাই, খৰাঙৰ ক্ষতিপূৰণ আৰু শস্য বীমাৰ...

প্রকাশন পৰিষদ সাহিত্য বঁটা ২০২৬ৰ বাবে গ্রন্থ আহ্বান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰেই এইবছৰো বিশিষ্ট...