ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ সৈতে দিয়া চেক বাউন্স হোৱাৰ অভিযোগ

বিতৰ্কই লগ এৰা নাই অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক। এইবাৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ সৈতে দিয়া চেক বাউন্স হোৱাৰ অভিযোগ। বঁটাপ্ৰাপকক সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা বঁটাৰ ধন চেকযোগে প্ৰদান কৰা হৈছিল। যোৱা দুদিনত চেক জমা দি হতভম্ব হৈ পৰিছে একাংশ বঁটাপ্ৰাপক। একাউণ্টছত ধন নথকাৰ বাবে এই চেক বাউন্স হোৱাৰ বাবে চেক জমা দিয়াসকলে ওলোটাই চেক বাউন্স হোৱাৰ বাবে জৰিমনা ভৰিবলগীয়া হৈছে। ১৩ মাৰ্চত গুৱাহাটীত দুটা বছৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হৈছিল। নাহিদ আফ্ৰিনক নোগোৱা এটা গীতৰ বাবে বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰি আয়োজকসকল বিতৰ্কত সোমাই পৰিছিল। পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে জুৰী ব’ৰ্ডে ৰাজহুৱাকৈ ক্ষমাও খুজিবলগীয়া হৈছিল। এইবাৰ চিত্ৰ সমালোচনাৰ বাবে পবিত্ৰ কুমাৰ ডেকা স্মাৰক বঁটা লাভ কৰা যুৱ চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীয়ে বঁটাৰ সৈতে পোৱা ২৫ হাজাৰ টকাৰ চেক বেংকত জমা দিয়ে। কিন্তু সঞ্চালকালয়ৰ একাউণ্টছত ধন নথকাৰ বাবে চেক বাউন্স হয়। সাংস্কৃতিক সঞ্চালকালয়ৰ এনে দায়িত্বহীন আৰু অপমানজনক কাৰ্যত চলচ্চিত্ৰ সমালোচকগৰাকী স্তম্ভিত হৈ পৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...