উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতা৷ বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ দলীয় শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অসমৰ পুৰুষ আৰু মহিলা তথা জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলে৷

পুৰুষ আৰু মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ উভয় দলে ৩-০ ৰ ব্যৱধানত পৰাস্ত কৰে মেঘালয়ক৷ আনহাতে, জুনিয়ৰ ল’ৰাৰ কোৱাৰ্টাৰ ফাইনেলত অসমে ২-০ ৰ ব্যৱধানত নগালেণ্ডক পৰাস্ত কৰাৰ বিপৰীতে ছোৱালী দলে একে ব্যৱধানত পৰাস্ত কৰে মেঘালয়ক৷

ইফালে, প্ৰতিযোগিতাৰ অন্য কোৱাৰ্টাৰ ফাইনেলত ছোৱালী শাখাত অৰুণাচলে ছিকিমক, মিজোৰামে ত্ৰিপুৰাক আৰু মণিপুৰে নাগালেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ ল’ৰাৰ কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে ত্ৰিপুৰাক, মিজোৰামে মেঘালয়ক আৰু অৰুণাচলে ছিকিমক পৰাস্ত কৰে৷

ইফালে, পুৰুষৰ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে ছিকিমক, মিজোৰামে নাগালেণ্ডক আৰু অৰুণাচলে ত্ৰিপুৰাক পৰাস্ত কৰাৰ বিপৰীতে মহিলাৰ খেলত মণিপুৰে মিজোৰামক, নাগালেণ্ডে ছিকিমক আৰু অৰুণাচলে ত্ৰিপুৰাক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...