উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতা৷ বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ দলীয় শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অসমৰ পুৰুষ আৰু মহিলা তথা জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলে৷

পুৰুষ আৰু মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ উভয় দলে ৩-০ ৰ ব্যৱধানত পৰাস্ত কৰে মেঘালয়ক৷ আনহাতে, জুনিয়ৰ ল’ৰাৰ কোৱাৰ্টাৰ ফাইনেলত অসমে ২-০ ৰ ব্যৱধানত নগালেণ্ডক পৰাস্ত কৰাৰ বিপৰীতে ছোৱালী দলে একে ব্যৱধানত পৰাস্ত কৰে মেঘালয়ক৷

ইফালে, প্ৰতিযোগিতাৰ অন্য কোৱাৰ্টাৰ ফাইনেলত ছোৱালী শাখাত অৰুণাচলে ছিকিমক, মিজোৰামে ত্ৰিপুৰাক আৰু মণিপুৰে নাগালেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ ল’ৰাৰ কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে ত্ৰিপুৰাক, মিজোৰামে মেঘালয়ক আৰু অৰুণাচলে ছিকিমক পৰাস্ত কৰে৷

ইফালে, পুৰুষৰ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে ছিকিমক, মিজোৰামে নাগালেণ্ডক আৰু অৰুণাচলে ত্ৰিপুৰাক পৰাস্ত কৰাৰ বিপৰীতে মহিলাৰ খেলত মণিপুৰে মিজোৰামক, নাগালেণ্ডে ছিকিমক আৰু অৰুণাচলে ত্ৰিপুৰাক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...

ইৰাণৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী মেহৰদাদ আখলাঘীৰ হুংকাৰ! আমেৰিকাক দিলে সকীয়নি, আক্ৰমণ কৰিলে হ’ব ‘বিপুল ক্ষতি’

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱাৰ পিছত দায়িত্ব...