গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ। সিদ্ধিদাতাৰ বন্দনাৰে মুখৰ চৌদিশ। সৰ্বদেৱতমান, সৰ্বতমান বিঘিনি নাশকৰ আশিস ল’বলৈ মন্দিৰে মন্দিৰে ভিৰ কৰিলে ভক্তই। পবিত্ৰ ভাদ মাহৰ শুক্লা চতুৰ্থী তিথিত দেশজুৰি উদযাপন হ’ল গণেশ চতুৰ্থী উৎসৱ। স্কন্দপুৰাণৰ মতে শুক্লপক্ষৰ চতুর্থী তিথিত জন্ম হয় সিদ্ধিদাতা গণেশৰ। জনবিশ্বাস অনুসৰি গণেশ চতুৰ্থীৰ দিনটোত মত্যলৈ নামি আহে ভগৱান গণেশ। গণেশ চতুর্থীৰ দিনা সিদ্ধিদাতাৰ পুজা কৰিলে আশীর্বাদ লাভ হয়। এই বিশ্বাসেৰেই দেশৰ আন আন প্ৰান্তৰ লগতে শনিবাৰে ৰাজ্যৰ চৌপাশ মুখৰ হ’ল সিদ্ধিদাতাৰ বন্দনাৰে। সমৃদ্ধি, বুদ্ধি আৰু জ্ঞানৰ দেৱতা গণেশ। বিঘিনি নাশক সিদ্ধিদাতা গণেশ। অৰ্থনৈতিক বিপৰ্যয়, অৰ্থ সংকট আদি দূৰ হোৱাৰ কামনা সকলোৰে। বৰ্তমানো যি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে সি চিন্তিত কৰিছে বহুজনক। লুটপাত, লুণ্ঠন, হৰলুকি, প্ৰৱঞ্চনাৰ মাজত সোমাই পৰিছে সমাজখন। কোনোবাই দৰমহাৰ টকা কেইটাৰে চলাব পৰা নাই ঘৰখন। এনে অৱস্থাত উৎসৱ বুলি ভাবিলেও বহুজনৰ বাবে এয়া এক সৰল প্ৰাৰ্থনা। সিদ্ধি, সমৃদ্ধিৰ দেৱতা সিদ্ধিদাতাই শুনক এইসকলৰ প্ৰাৰ্থনা। সেয়ে সিদ্ধিদাতাৰ আশীৰ্বাদ বিচাৰিয়ে পুৱাৰে পৰা হাতত চাকি–বন্তি, নৈবেদ্য লৈ মন্দিৰত ভিৰ ভক্তৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত চতুৰ্ভুজ পূজাৰ চলিল ব্যাপক আয়োজন। গুৱাহাটীৰ গণেশগুৰি গণেশ মন্দিৰত পুৱাৰে মহাদেৱ নন্দনৰ পূজা-অৰ্চনাত ব্যস্ত হৈছে অগণন ভক্ত। গুঞ্জৰিত গজকৰ্ণৰ বন্দনা। গুৱাহাটীৰ আন আন প্ৰান্ততো দেখা গ’ল ভক্তৰ ভিৰ।

গণেশ চতুৰ্থী মহাৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ। মুম্বাইৰ বিভিন্ন স্থানত গণেশ পূজা অনুষ্ঠিত হয়। মুম্বাইৰ বিখ্যাত লালবাগচা ৰাজা পূজাস্থলীত শনিবাৰে পুৱাৰে পৰা ভক্তৰ ভিৰ লাগে। গণেশ পূজাত বিভিন্ন ধৰণেৰে চমকৰো সৃষ্টি কৰা দেখা গ’ল বিভিন্ন মণ্ডপত। এখন পূজা মণ্ডপত গণেশৰ মূৰ্তি স্থাপন কৰা হ’ল ফাইটাৰ জেট তেজস্বৰ ৰেপ্লিকাত। মুম্বাইৰ লগতে গুজৰাট, দিল্লীতো আড়ম্বৰপূৰ্ণ ভাবে অনুষ্ঠিত হয় গণেশ পূজা। কেৱল ভাৰততে নহয় বিদেশতো অনুষ্ঠিত হৈছে গণেশ চতুৰ্থী উৎসৱ। ছিংগাপুৰতো ভাৰতীয় লোকসকলে আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰে গণেশ চতুৰ্থী উৎসৱ। গণেশ চতুৰ্থী উৎসৱৰ লগত আছে বিভিন্ন পৰম্পৰা। গণেশ দেৱতালৈ লাড়ু আগবঢ়োৱাৰ নিয়ম সৰ্বজন বিদিত। সেয়ে নৈবেদ্য হিচাপে বিভিন্নজনে আগবঢ়ালে বিভিন্ন আকাৰৰ লাড়ু। আন বহুতে আগবঢ়ালে ৫ বিধ প্ৰসাদ। মুঠতে গণেশ দেৱতাক সন্তুষ্ট কৰাৰ বাবে ভক্তৰ চেষ্টাৰ ত্ৰুটি নাই। জনমানসত প্ৰচলিত বিশ্বাস আৰু পৰম্পৰাৰে পালন হ’ল গণেশ চতুৰ্থী। আমিও আশা কৰো সকলোৰে মংগল হওক, দুখ–দুৰ্গতি আঁতৰক। সিদ্ধিদাতাই সুখ–সমৃদ্ধিৰে ভৰাই তোলক সকলোৰে মন–প্ৰাণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...