জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং আৰু দীপিকা পাদুকন। চিকিৎসকে জনোৱা মতে ২৮ ছেপ্টেম্বৰত ধৰালৈ আহিব বহু প্ৰতীক্ষিত ষ্টাৰকিড। প্ৰথম সন্তানৰ আগমনৰ প্ৰাকক্ষণত সিদ্ধিবিনায়কৰ আশীৰ্বাদ বিচাৰি মুম্বাইৰ এটা গণেশ মন্দিৰত উপস্থিত হ’লগৈ বলিউডৰ জনপ্ৰিয় জুটিটো।

সেউজীয়া ৰঙৰ এখন মাৰ্জিত ৰেচমী শাৰী পিন্ধি মন্দিৰৰ দিশে আগবাঢ়িল দীপিকা। শাৰীৰ আঁচলেৰে লুকুৱাই ৰাখিলে নিজৰ বেবী বাম্প। এটা সাধাৰণ খোপা আৰু এযোৰ ষ্টাইলিচ কাণফুলিৰে যথেষ্ট ধুনীয়া দেখা গৈছিল দীপিকাক। আনহাতে ষ্টাইলিছ অফ হোৱাইট কুৰ্তাত দেখা গ’ল ৰণবীৰ কাপুৰক। মানুহৰ ভিৰ ফালি দীপিকাক সন্তৰ্পনে আগবঢ়াই নিলে ৰণবীৰে। দুয়োকে আগুৰি ধৰা অনুৰাগীসকলক সম্ভাষণ জনাই হাতে-হাত ধৰি আগবাঢ়িল তাৰকাদ্বয়। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল ৰণবীৰ-দীপিকাৰ এই মৰমলগা ভিডিঅটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...