জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং আৰু দীপিকা পাদুকন। চিকিৎসকে জনোৱা মতে ২৮ ছেপ্টেম্বৰত ধৰালৈ আহিব বহু প্ৰতীক্ষিত ষ্টাৰকিড। প্ৰথম সন্তানৰ আগমনৰ প্ৰাকক্ষণত সিদ্ধিবিনায়কৰ আশীৰ্বাদ বিচাৰি মুম্বাইৰ এটা গণেশ মন্দিৰত উপস্থিত হ’লগৈ বলিউডৰ জনপ্ৰিয় জুটিটো।

সেউজীয়া ৰঙৰ এখন মাৰ্জিত ৰেচমী শাৰী পিন্ধি মন্দিৰৰ দিশে আগবাঢ়িল দীপিকা। শাৰীৰ আঁচলেৰে লুকুৱাই ৰাখিলে নিজৰ বেবী বাম্প। এটা সাধাৰণ খোপা আৰু এযোৰ ষ্টাইলিচ কাণফুলিৰে যথেষ্ট ধুনীয়া দেখা গৈছিল দীপিকাক। আনহাতে ষ্টাইলিছ অফ হোৱাইট কুৰ্তাত দেখা গ’ল ৰণবীৰ কাপুৰক। মানুহৰ ভিৰ ফালি দীপিকাক সন্তৰ্পনে আগবঢ়াই নিলে ৰণবীৰে। দুয়োকে আগুৰি ধৰা অনুৰাগীসকলক সম্ভাষণ জনাই হাতে-হাত ধৰি আগবাঢ়িল তাৰকাদ্বয়। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল ৰণবীৰ-দীপিকাৰ এই মৰমলগা ভিডিঅটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...

ইৰাণৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী মেহৰদাদ আখলাঘীৰ হুংকাৰ! আমেৰিকাক দিলে সকীয়নি, আক্ৰমণ কৰিলে হ’ব ‘বিপুল ক্ষতি’

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱাৰ পিছত দায়িত্ব...

প্ৰসংগঃ টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টা; পোহৰলৈ আহিল গুলীচালনাত জড়িত ২ দুৰ্বৃত্তৰ প্ৰথমখন ছবি

মুম্বাইত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ...