আজিৰে পৰা গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন

বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাখন কাইলৈৰ পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ প্ৰথম দুটা দিনত পুৰুষ আৰু মহিলা তথা জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলীয় শাখাৰ খেল অনুষ্ঠিত হ’ব৷ আজি ঘোষণা কৰা প্ৰতিযোগিতাৰ সূচী অনুসৰি অসমৰ পুৰুষ আৰু মহিলা দলে নগালেণ্ডৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰাৰ বিপৰীতে আয়োজক ৰাজ্যখনৰ জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলে অৰুণাচলৰ বিৰুদ্ধে প্ৰথম মেচত অংশ ল’ব।

অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি কাইলৈ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰিব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডাঃ ননী গোপাল মহন্তই।

দলীয় শাখাৰ খেলৰ অন্তত অহা ন আৰু দহ ছেপ্টেম্বৰত পুৰুষ-মহিলা তথা জুনিয়ৰ ল’ৰা-ছোৱালীৰ একক, ডাবলছ আৰু মিক্সড ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাখন সামৰণি পৰিব অহা দহ ছেপ্টেম্বৰত৷ চাৰি দিনীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত আঠখন ৰাজ্যৰ প্ৰায় আঢ়ৈশ খেলুৱৈয়ে অংশ লৈছে৷ ইয়াৰে পুৰুষ ডেৰশ তথা এশ মহিলা শ্বাটলাৰৰ লগতে খেল পৰিচালক হিচাপে ৪১ গৰাকী কাৰিকৰী বিষয়া তথা ৰেফাৰীয়ে অংশ লৈছে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ৰাজ্য কেইখন হ’ল ঃ অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মনিপুৰ, নগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু আয়োজক অসম৷ প্ৰায় ৪০ জনীয়া সদস্যৰে অসমৰ সৰ্ববৃহৎ দল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...