আজিৰে পৰা গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন

বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাখন কাইলৈৰ পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ প্ৰথম দুটা দিনত পুৰুষ আৰু মহিলা তথা জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলীয় শাখাৰ খেল অনুষ্ঠিত হ’ব৷ আজি ঘোষণা কৰা প্ৰতিযোগিতাৰ সূচী অনুসৰি অসমৰ পুৰুষ আৰু মহিলা দলে নগালেণ্ডৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰাৰ বিপৰীতে আয়োজক ৰাজ্যখনৰ জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলে অৰুণাচলৰ বিৰুদ্ধে প্ৰথম মেচত অংশ ল’ব।

অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি কাইলৈ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰিব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডাঃ ননী গোপাল মহন্তই।

দলীয় শাখাৰ খেলৰ অন্তত অহা ন আৰু দহ ছেপ্টেম্বৰত পুৰুষ-মহিলা তথা জুনিয়ৰ ল’ৰা-ছোৱালীৰ একক, ডাবলছ আৰু মিক্সড ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাখন সামৰণি পৰিব অহা দহ ছেপ্টেম্বৰত৷ চাৰি দিনীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত আঠখন ৰাজ্যৰ প্ৰায় আঢ়ৈশ খেলুৱৈয়ে অংশ লৈছে৷ ইয়াৰে পুৰুষ ডেৰশ তথা এশ মহিলা শ্বাটলাৰৰ লগতে খেল পৰিচালক হিচাপে ৪১ গৰাকী কাৰিকৰী বিষয়া তথা ৰেফাৰীয়ে অংশ লৈছে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ৰাজ্য কেইখন হ’ল ঃ অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মনিপুৰ, নগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু আয়োজক অসম৷ প্ৰায় ৪০ জনীয়া সদস্যৰে অসমৰ সৰ্ববৃহৎ দল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰায়পুৰত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয়; দ্বিতীয়খন T20ত জিম্বাবুৱেক ৯ উইকেটত পৰাস্ত ভাৰতৰ

মহিলা ক্ৰিকেটত ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট...

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...