প্ৰতিবাদত উত্তাল দিল্লীৰ জন্তৰ মন্তৰ প্ৰতিবাদত উত্তাল দিল্লীৰ জন্তৰ মন্তৰ

প্ৰতিবাদত উত্তাল দিল্লীৰ জন্তৰ মন্তৰ। মাটিত চপৰিয়াই চপৰিয়াই গোৱালপাৰাত ন্যাৰ্য প্ৰাপ্তিৰ দাবী। একে সময়তে উত্তপ্ত হৈ উঠিল ৰাজ্য আৰু কেন্দ্ৰৰ প্ৰান্ত। দাবী অভিন্ন। লাগে জনজাতিকৰণ। দিল্লীৰ জন্তৰ মন্তৰত আহোম সাঁজেৰে সজ্জিত হৈ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। উত্তাল জন্তৰ মন্তৰ– লাগে ন্যাৰ্য।

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি অৱমাননাৰ অভিযোগ। আটাছুৰ অভিযোগ, ‘কেন্দ্ৰ আৰু ৰাজ্যই আহোমসকলক ব্যৱহাৰ কৰিছে ভোটবেংকৰ স্বাৰ্থত। জনজাতিকৰণৰ নামত কেৱল কৰিছে প্ৰতাৰণা।’

দিল্লীৰ প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ সকীয়নি আটাছুৰ সভাপতিৰ। অনাগত নিৰ্বাচনত অসহযোগিতাৰো হুংকাৰ। প্ৰতিবাদত কঁপি উঠিল গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ। মাটিত চপৰিয়াই চপৰিয়াই ন্যাৰ্য প্ৰাপ্তিৰ দাবী।

কোচ ৰাজবংশী ৰাইজক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী দীৰ্ঘদিনীয়া। এই দীৰ্ঘদিনীয়া দাবীক চৰকাৰে আওকাণ কৰি অহাৰ অভিযোগ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ। ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত তুলিলে ৫টাকৈ দাবী।
কোচ ৰাজবংশীক জনজাতিৰ মৰ্যাদা প্ৰদান
উত্তৰ গুৱাহাটীৰ ভূমি শীঘ্ৰে সন্মিলনীক আবণ্টন
OBC প্ৰমাণ পত্ৰৰ বেমেজালিৰ চিনাক্তকৰণৰ দায়িত্ব সন্মিলনীক অৰ্পণ
ৰূপসী বিমানবন্দৰৰ একে নাম বাহালকৰণ
বিটিআৰ, ৰাভা হাছং, ট্ৰাইবেল ব্লক এণ্ড বেল্টত কোচ ৰাজবংশী লোকসকলক ভূমিৰ অধিকাৰ আৰু সম্পূৰ্ণ সাংবিধানিক অধিকাৰ সুনিশ্চিতিকৰণ
প্ৰতিবাদকাৰী ৰাইজৰ দাবী কংগ্ৰেছৰ দৰে শাসনাধিষ্ঠিত চৰকাৰেও প্ৰৱঞ্চনা কৰিলে কোচ ৰাজবংশী ৰাইজক। কেৱল মাত্ৰ প্ৰতিশ্ৰুতিহে দিলে চৰকাৰে।

প্ৰতিবাদকাৰীক আমুৱাইছে প্ৰতিশ্ৰুতিৰ ফুলজাৰিয়ে। প্ৰতিবাদস্থলীৰ পৰা ৰণহুংকাৰ উত্তৰ হ’ব ’২৬ৰ নিৰ্বাচন। দুটা স্থানত অভিন্ন বিষয়ৰ প্ৰতিবাদ। নেতৃত্বত দুই সংগঠন। নিৰ্বাচনলৈ মাজত বেছি পৰ নাই। দুই পক্ষৰ দাবীয়ে চৰকাৰৰ বাবে কি ধৰণে প্ৰভাৱ পেলাব? আকৌ দুই জনগোষ্ঠীয়ে পাব নেকি নিৰ্বাচনী ল’লীপপ? নে দুই সংগঠনৰ উত্তাল প্ৰতিবাদে কঁপাব দিল্লীৰ মছনদ? সম্প্ৰতি এয়া চৰ্চিত প্ৰসংগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...