এগৰাকী অনুৰাগীৰ সৈতে আত্মীয়তাৰে মত-বিনিময় ছলমানৰ

বলিউডৰ ভাইজান ছলমান খানৰ এটা ভিডিঅ’ই খলকনি তুলিছে ছ’চিয়েল মিডিয়াত। বৃহস্পতিবাৰে সন্ধিয়া মুম্বাইৰ ৰাজপথত এগৰাকী অনুৰাগীৰ সৈতে মত-বিনিময় কৰা দেখা গ’ল অভিনেতাজনক৷ এগৰাকী সাধাৰণ মহিলাৰ সৈতে হাঁহি-ধেমালিৰে কথা পাতিলে জনপ্ৰিয় অভিনেতাজনে। সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল কথা-বাৰ্তাৰ এই ভিডিঅ’। অতি শান্তৰূপত এগৰাকী বয়সীয়াল মহিলাৰ কথা শুনিলে ছলমানে। ছলমানক ওচৰত পাই মহিলাগৰাকীয়ে মুকলিকৈ ক’লে মনৰ কথা। মহিলাগৰাকীৰ সৈতে একেবাৰে সাধাৰণভাৱে কথা পাতিলে ছলমানে। সম্প্ৰতি ছলমানৰ এই ব্যৱহাৰেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

সেই সময়ত ষ্টাইলিছ লুকত দেখা গৈছিল ছালমানক
ছলমানৰ পৰিধানত ক’লা ব্লেজাৰ, ক’লা পেণ্ট

সমান্তৰালকৈ এটা নীলা ৰঙৰ ছাৰ্ট পৰিহিত ছলমানক দেখা গৈছিল যথেষ্ট সপ্ৰতিভ। ৱৰ্কফ্ৰণ্টৰ কথা ক’বলৈ গ’লে সম্প্ৰতি ‘ছিকন্দৰ’ নামৰ চিনেমাখনৰ শ্বুটিঙত ব্যস্ত ছলমান খান।

ছবিত প্ৰথমবাৰলৈ দেখা যাব ছালমান খান আৰু ৰশ্মিকা মান্দানাৰ যুটী। ২০২৫ৰ ঈদৰ সময়তে মুক্তিলাভ কৰিব ছিকন্দৰ। সাধাৰণতে প্ৰতিটো ঈদৰ সময়ত মুক্তি পায় ছুপাৰষ্টাৰ ছলমানৰ একোখনকৈ ছবি, যিবোৰ প্ৰায়ে হয় ছুপাৰহিট। এইবাৰো অনুৰাগীয়ে প্ৰতীক্ষা কৰিছে ছালমান-ৰশ্মিকা যুটীৰ পৰা এখন ছুপাৰহিট ছবি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...