বনভোজলৈ যাব নিদিয়াৰ বাবে আত্মহনন ছাত্ৰীৰ!

পিতৃয়ে বনভোজ খাবলৈ যাব নিদিয়াৰ বাবে আত্মহননৰ পথ বাচি ল’লে এগৰাকী ছাত্ৰীয়ে। মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকুঁৱাৰীৰ বিষ্ণু নগৰত সংঘটিত হয় এই ঘটনা। তৰুণ শইকীয়া নামৰ লোকজনৰ কন্যা ভায়োলিনা শইকীয়াই দেওবাৰে সতীৰ্থ ছাত্ৰ-ছাত্ৰীসকলৰ লগত পানীখাইটিৰ হাতীশিলালৈ যাবলৈ ওলাইছিল।

কিন্তু পিতৃয়ে এই কাৰ্যত বাধা প্ৰদান কৰাত স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰীগৰাকীয়ে ঘৰত কোনো নথকা সুযোগ লৈ বাথৰুমত চিপ লৈ আত্মহত্যা কৰে। সন্ধিয়া পিতৃয়ে ঘৰলৈ উভতি আহি বাথৰূমত কন্যাৰ মৃতদেহ ওলমি থকা দেখি নুনমাটি থানাত খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। আনহাতে এই ঘটনাক ৰহস্যজনক আখ্যা দিয়ে অঞ্চলটোৰ একাংশ লোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...