“No To War” ৰাছিয়াৰ এটা টিভি চেনেলৰ সকলো কৰ্মচাৰীৰ ‘যুদ্ধ বিৰোধী পদত্যাগ’

ৰাছিয়াৰ টেলিভিছন চেনেল TV Rain (Dozhd)ৰ সকলো কৰ্মচাৰীয়ে বৃহস্পতিবাৰে “No To War” ঘোষণা কৰি পদত্যাগ কৰে। ৰাছিয়ান চৰকাৰে ইউক্ৰেইন আক্ৰমণৰ কভাৰেজক লৈ চেনেলটোৰ কাৰ্যকলাপ স্থগিত কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল।

“আমি আশা কৰোঁ অতি শীঘ্ৰেই আমাৰ সম্প্ৰচাৰ আৰম্ভ হ’ব আৰু আমাৰ কাম অব্যাহত ৰাখিম,” এইদৰে কয় মুখ্য কাৰ্যবাহী বিষয়া নাটালিয়া চিন্দেয়েভা, যি চেনেলটোৰ অন্যতম প্ৰতিষ্ঠাপক।

ষ্টুডিঅ’ত উপস্থিত সকলো কৰ্মচাৰীয়ে ৱাকআউট কৰাৰ সময়ত চেনেলটোৰ অন্তিম সম্প্ৰচাৰত মুখ্য কাৰ্যবাহী বিষয়া চিন্দেয়েভাই “No to war” বুলি কৈছিল।

সমূহীয়া পদত্যাগৰ ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে শ্বেয়াৰ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...