“No To War” ৰাছিয়াৰ এটা টিভি চেনেলৰ সকলো কৰ্মচাৰীৰ ‘যুদ্ধ বিৰোধী পদত্যাগ’

ৰাছিয়াৰ টেলিভিছন চেনেল TV Rain (Dozhd)ৰ সকলো কৰ্মচাৰীয়ে বৃহস্পতিবাৰে “No To War” ঘোষণা কৰি পদত্যাগ কৰে। ৰাছিয়ান চৰকাৰে ইউক্ৰেইন আক্ৰমণৰ কভাৰেজক লৈ চেনেলটোৰ কাৰ্যকলাপ স্থগিত কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল।

“আমি আশা কৰোঁ অতি শীঘ্ৰেই আমাৰ সম্প্ৰচাৰ আৰম্ভ হ’ব আৰু আমাৰ কাম অব্যাহত ৰাখিম,” এইদৰে কয় মুখ্য কাৰ্যবাহী বিষয়া নাটালিয়া চিন্দেয়েভা, যি চেনেলটোৰ অন্যতম প্ৰতিষ্ঠাপক।

ষ্টুডিঅ’ত উপস্থিত সকলো কৰ্মচাৰীয়ে ৱাকআউট কৰাৰ সময়ত চেনেলটোৰ অন্তিম সম্প্ৰচাৰত মুখ্য কাৰ্যবাহী বিষয়া চিন্দেয়েভাই “No to war” বুলি কৈছিল।

সমূহীয়া পদত্যাগৰ ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে শ্বেয়াৰ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে...

ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ তহলদাৰী দলক এম্বুশ্ব; শ্বহীদ এজন জোৱান

ভাৰত-ম্যানমাৰ সীমান্তত মঙলবাৰে পুৱাই অসম ৰাইফলছৰ এটা তহলদাৰী দল...

মৰণক শৰণ দি শিক্ষাৰ সন্ধানত চেঙাজানৰ কণ কণ শিক্ষাৰ্থী

জোনাইৰ বৃহত্তৰ চেঙাজান অঞ্চলত আজিও দলঙৰ অভাৱত টুলুঙা নাৱেই...

যুৱ শক্তিৰ জয়গান

✒️ হীৰেন শৰ্মা সময় সলনি হৈছে। উন্নত প্ৰযুক্তিৰ হাতে হাত...