মাচুল নিদিলেও পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীক

শিক্ষাৰ্থীলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহ
মাচুল নিদিলেও পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীক
ন্যায়ালয়ৰ নিৰ্দেশত অসন্তুষ্ট একাংশ ব্যক্তিগতখণ্ডৰ শিক্ষক
মাচুল নিদিলে কেনেকৈ ঘৰ চলিব ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক সকলৰ?
ন্যায়ালয়ক বিষয়টো অধিক বিবেচনা কৰিবলৈ আহ্বান

শিক্ষাৰ্থী সকললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহ। বৰ্তমানৰ ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাচুল পৰিশোধ নকৰাৰ বাবে কোনো ব্যক্তিগত বিদ্যালয়ে কোনো শিক্ষাৰ্থীক অনলাইন তথা অফলাইন শ্ৰেণীত উপস্থিত থাকিবলৈ বাধা দিব নোৱাৰে। উচ্চ ন্যায়ালয়ে এইটোও স্পষ্ট কৰি দিছে যে, ব্যক্তিগত বিদ্যালয়সমূহে শিক্ষাৰ্থীসকলৰ পৰা তেওঁলোকৰ নিজৰ ইচ্ছানুযায়ী মাচুল আদায় কৰিব নোৱাৰে। ন্যায়াধীশ এন কোটিশ্বৰ সিং আৰু ন্যায়াধীশ মনীষ চৌধুৰীক লৈ গঠিত খণ্ড বিচাৰপীঠে শুকুৰবাৰে ফজলুজ্জমান মজুমদাৰৰ দ্বাৰা দাখিল কৰা এখন PIL (ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা) নিষ্পত্তি কৰাৰ সময়ত এই নিৰ্দেশ দিয়ে। পিআইএলত উত্থাপিত বিষয়টো আছিল যে ক’ভিডসৃষ্ট পৰিস্থিতিত, ব্যক্তিগত বিদ্যালয় সমূহে এতিয়াও শিক্ষাৰ্থীসকলৰ পৰা তেওঁলোকৰ সচৰাচৰ মাচুল আদায় কৰি আছে যদিও শ্ৰেণীবোৰ শাৰীৰিক ৰূপত চলি থকা নাই; কিন্তু কেৱল অন-লাইন শ্ৰেণী চলি আছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পিছতে এতিয়া অসন্তুষ্ট হৈ পৰিছে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক সমাজ। মাচুল নিদিলে কেনেকৈ চলিব শিক্ষকৰ ঘৰ? ন্যায়ালয়ক বিষয়টো আৰু অধিক বিবেচনা কৰি চাবলৈ আহ্বান শিক্ষক সকলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...