সলনি হ’ব গাড়ীৰ হৰ্ণৰ শব্দ; বাজিব তবলা, ভায়’লিন, বাঁহী

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বাহনৰ হৰ্ণ সুমধুৰ কৰি তুলিবলৈ বিশেষ চিন্তা-চৰ্চা চলাই আছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, অচিৰেই দেশত ব্যৱসায় চলাই থকা বাহন নিৰ্মাতা সকলক ‘সঠিক ধৰণৰ হৰ্ণ’ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হ’ব পাৰে য’ত ভাৰতীয় বাদ্যযন্ত্ৰৰ শব্দ অন্তৰ্ভুক্ত হ’ব।

“মই নাগপুৰৰ ১১ নম্বৰৰ এটা মহলাত থাকো। মই প্ৰতি পুৱা ১ ঘণ্টাৰ বাবে প্ৰাণায়াম কৰোঁ। কিন্তু এই হৰ্ণে পুৱাৰ নীৰৱতা বিঘ্নিত কৰে। সেইবাবে, মোৰ মনলৈ চিন্তা আহিল যে বাহনৰ হৰ্ণবোৰ সঠিক ধৰণৰ হ’ব লাগে। আমি ভাৱিবলৈ আৰম্ভ কৰিছো যে গাড়ীৰ হৰ্ণৰ শব্দ ভাৰতীয় বাদ্যযন্ত্ৰৰ শব্দৰ দ্বাৰা কমপ’জ হ’ব লাগে আৰু আমি ইয়াৰ ওপৰত কাম কৰি আছো। তবলা, পাৰ্কচন, ভায়’লিন, বিউগল, বাঁহীৰ দৰে বাদ্যযন্ত্ৰৰ শব্দ হৰ্ণৰ পৰা শুনিব লাগে,” গাডকাৰীয়ে কয়। এই সন্দৰ্ভত শীঘ্ৰেই এখন আইন বলবৎ কৰা হ’ব, তেওঁ কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...