পঞ্জশিৰ উপত্যকা দখল তালিবানৰ!

আফগানিস্তানত পঞ্জশিৰৰ পতন। তালিবানৰ দখললৈ পঞ্জশিৰ প্ৰদেশ। চৰকাৰ গঠনৰ পিছতে তালিবানে দেশখনৰ উত্তৰাংশত থকা পঞ্জশিৰ উপত্যকা দখল কৰিছে ‍বুলি দাবী কৰিছে। অৱশ্যে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে তালিবানৰ এই দাবীক নাকচ কৰিছে। যোৱা কেইবাদিনো ধৰি আহমেদ মাছুদ আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে পঞ্জশিৰ প্ৰদেশত তালিবানৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। প্ৰথম অৱস্থাত তালিবান আৰু মাছুদ বাহিনীৰ মাজত আলোচনা হৈছিল, কিন্তু কোনো সমাধান নোলোৱাত তালিবানে পঞ্জশিৰ দখল কৰিবলৈ যুদ্ধ আৰম্ভ কৰে। অৱশেষত পঞ্জশিৰ প্ৰদেশ দখল কৰিছে বুলি দাবী কৰিছে তালিবানে। উল্লেখ্য যে, ১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে আফগানিস্তানৰ শাসনভাৰ লোৱাৰ সময়তো তালিবানে নিজৰ নিয়ন্ত্ৰণলৈ আনিব পৰা নাছিল পঞ্জশিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...