পঞ্জশিৰ উপত্যকা দখল তালিবানৰ!

আফগানিস্তানত পঞ্জশিৰৰ পতন। তালিবানৰ দখললৈ পঞ্জশিৰ প্ৰদেশ। চৰকাৰ গঠনৰ পিছতে তালিবানে দেশখনৰ উত্তৰাংশত থকা পঞ্জশিৰ উপত্যকা দখল কৰিছে ‍বুলি দাবী কৰিছে। অৱশ্যে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে তালিবানৰ এই দাবীক নাকচ কৰিছে। যোৱা কেইবাদিনো ধৰি আহমেদ মাছুদ আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে পঞ্জশিৰ প্ৰদেশত তালিবানৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। প্ৰথম অৱস্থাত তালিবান আৰু মাছুদ বাহিনীৰ মাজত আলোচনা হৈছিল, কিন্তু কোনো সমাধান নোলোৱাত তালিবানে পঞ্জশিৰ দখল কৰিবলৈ যুদ্ধ আৰম্ভ কৰে। অৱশেষত পঞ্জশিৰ প্ৰদেশ দখল কৰিছে বুলি দাবী কৰিছে তালিবানে। উল্লেখ্য যে, ১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে আফগানিস্তানৰ শাসনভাৰ লোৱাৰ সময়তো তালিবানে নিজৰ নিয়ন্ত্ৰণলৈ আনিব পৰা নাছিল পঞ্জশিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...