দেওবাৰে জম্মু–কাশ্মীৰৰ ৰিয়াছি জিলাত সংঘটিত এই ভয়াৱহ ঘটনা

সন্ত্ৰাসবাদীৰ গুলিত নিহত ১০জনকৈ তীৰ্থযাত্ৰী
দ’ খাৱৈত বাগৰি পৰিল ৫৩ তীৰ্থ যাত্ৰীৰে পূৰ্ণ বাছ
সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত আন প্ৰায় ৩৫জন তীৰ্থযাত্ৰী
দেওবাৰে জম্মু–কাশ্মীৰৰ ৰিয়াছি জিলাত সংঘটিত এই ভয়াৱহ ঘটনা

জম্মু–কাশ্মীৰৰ ৰিয়াছি জিলাৰ শিৱখোৰ মন্দিৰৰ পৰা বৈষ্ণ’দেৱীলৈ যাত্ৰা কৰাৰ সময়তে দেওবাৰে সন্ধিয়া সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হয় তীৰ্থযাত্ৰীসকল। ৫৩জন তীৰ্থ যাত্ৰীক লৈ বৈষ্ণ’দেৱী মন্দিৰৰ বেছকেম্প কাটৰালৈ ৰাওনা হোৱাৰ সময়তে পাহাৰৰ ঘন জংঘলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ এটা দলে অতৰ্কিতে আক্ৰমণ চলায় বাছখনৰ ওপৰত। চালকজন গুলিবিদ্ধ হোৱাৰ লগে লগে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা দ’ল খাৱৈত সোমাই পৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণত বাছখনৰ চালকসহ ১০জন লোক নিহত হোৱাৰ লগতে আহত হয় আন ৩৫জন লোক।

এই ঘটনাৰ পিছতে তীব্ৰ আতংকত সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে NIAৰ দলে। আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ‘দ্য ৰেজেষ্টেন্স ফ্ৰন্ট’ নামৰ সংগঠনটোৱে। ‘ৰেজিষ্টেন্স ফ্ৰন্ট’ পাক সমৰ্থিত লস্কৰৰ এটা সহযোগী গোট। পৰ্যটকৰ ওপৰত অধিক আক্ৰমণ চলোৱাৰ ভাবুকি সংগঠনটোৰ। বিশেষ বাৰ্তাযোগে TRFৰ সকীয়নি, ‘এয়া কেৱল আৰম্ভণিহে’। সংগঠনটোৰ তিনিজন সদস্যৰ দ্বাৰা এই আক্ৰমণ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। পাহাৰৰ ওপৰৰ পৰা M-4 কাৰ্বাইনেৰে সন্ত্ৰাসবাদীৰ দলটোৱে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল তীৰ্থ যাত্ৰীৰ বাছখনৰ ওপৰত। যোৱা মাহত ৰাজৌৰি আৰু পুঞ্চত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণতো জড়িত আছিল এই সংগঠনটোক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...