দেওবাৰে জম্মু–কাশ্মীৰৰ ৰিয়াছি জিলাত সংঘটিত এই ভয়াৱহ ঘটনা

সন্ত্ৰাসবাদীৰ গুলিত নিহত ১০জনকৈ তীৰ্থযাত্ৰী
দ’ খাৱৈত বাগৰি পৰিল ৫৩ তীৰ্থ যাত্ৰীৰে পূৰ্ণ বাছ
সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত আন প্ৰায় ৩৫জন তীৰ্থযাত্ৰী
দেওবাৰে জম্মু–কাশ্মীৰৰ ৰিয়াছি জিলাত সংঘটিত এই ভয়াৱহ ঘটনা

জম্মু–কাশ্মীৰৰ ৰিয়াছি জিলাৰ শিৱখোৰ মন্দিৰৰ পৰা বৈষ্ণ’দেৱীলৈ যাত্ৰা কৰাৰ সময়তে দেওবাৰে সন্ধিয়া সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হয় তীৰ্থযাত্ৰীসকল। ৫৩জন তীৰ্থ যাত্ৰীক লৈ বৈষ্ণ’দেৱী মন্দিৰৰ বেছকেম্প কাটৰালৈ ৰাওনা হোৱাৰ সময়তে পাহাৰৰ ঘন জংঘলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ এটা দলে অতৰ্কিতে আক্ৰমণ চলায় বাছখনৰ ওপৰত। চালকজন গুলিবিদ্ধ হোৱাৰ লগে লগে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা দ’ল খাৱৈত সোমাই পৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণত বাছখনৰ চালকসহ ১০জন লোক নিহত হোৱাৰ লগতে আহত হয় আন ৩৫জন লোক।

এই ঘটনাৰ পিছতে তীব্ৰ আতংকত সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে NIAৰ দলে। আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ‘দ্য ৰেজেষ্টেন্স ফ্ৰন্ট’ নামৰ সংগঠনটোৱে। ‘ৰেজিষ্টেন্স ফ্ৰন্ট’ পাক সমৰ্থিত লস্কৰৰ এটা সহযোগী গোট। পৰ্যটকৰ ওপৰত অধিক আক্ৰমণ চলোৱাৰ ভাবুকি সংগঠনটোৰ। বিশেষ বাৰ্তাযোগে TRFৰ সকীয়নি, ‘এয়া কেৱল আৰম্ভণিহে’। সংগঠনটোৰ তিনিজন সদস্যৰ দ্বাৰা এই আক্ৰমণ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। পাহাৰৰ ওপৰৰ পৰা M-4 কাৰ্বাইনেৰে সন্ত্ৰাসবাদীৰ দলটোৱে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল তীৰ্থ যাত্ৰীৰ বাছখনৰ ওপৰত। যোৱা মাহত ৰাজৌৰি আৰু পুঞ্চত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণতো জড়িত আছিল এই সংগঠনটোক।

10 COMMENTS

  1. Thank you for your sharing. I am worried that I lack creative ideas. It is your article that makes me full of hope. Thank you. But, I have a question, can you help me?

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

“ভাৰতৰ প্ৰতি থকা প্ৰেমে সকলোকে একত্ৰিত কৰে”: মিজোৰামৰ ৭ বছৰীয়া কিড ষ্টাৰ লালডুহামীক গিটাৰ উপহাৰ দিলে অমিত শ্বাহে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সময়ত মিজোৰামৰ...

পাকিস্তান, ভূটানকে ধৰি ৪৩খন দেশৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্প প্ৰশাসনে তিনি স্তৰৰ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিব...

৯ মাহ মহাকাশত থকাৰ পিছত মানৱ শৰীৰত কি কি পৰিৱৰ্তন হয়?

৯ মাহ ধৰি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (ISS) থকাৰ পিছত...

হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান

হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান চিকিৎসালয়ত ভৰ্তি বিশিষ্ট সংগীতজ্ঞ...