মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী দলৰ ওপৰত উগ্ৰপন্থীৰ এম্বুছ

পুনৰ অশান্ত মণিপুৰ
মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী দলৰ ওপৰত উগ্ৰপন্থীৰ এম্বুছ
সন্দেহজনক কুকি উগ্ৰপন্থীৰ আক্ৰমণত গুলীবিদ্ধ আৰক্ষী বিষয়া

সোমবাৰে পুৱা প্ৰায় ১০ বাজি ৪৫ মিনিটত এই ঘটনা সংঘটিত হৈছে ইম্ফলৰ পৰা ২৬ কিলোমিটাৰ নিলগৰ ইম্ফল–জিৰিবাম ৰাষ্ট্ৰীয় ঘাইপথৰ টি লাইজং গাঁৱত। জিৰিবাম অভিমুখে গৈ থকা মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী দল এটিৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰে পূৰ্বৰে পৰা তাত খাপ পিটি থকা উগ্ৰপন্থীৰ এটি দলে। কাংপোকপি জিলাৰ অন্তৰ্গত উক্ত অঞ্চলটো কুকি–জমি লোকৰ বসতি প্ৰধান। ইপিনে উগ্ৰপন্থী দলৰ অতৰ্কিত আক্ৰমণত এজন আৰক্ষী বিষয়া গুলীবিদ্ধ হোৱাৰ লগতে আৰক্ষী বাহনৰ চালকজনো আহত হয়। মুখ্যমন্ত্ৰীৰ দেহৰক্ষীৰ সোঁ বাহুত লাগিল উগ্ৰপন্থীৰ গুলী। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী দলৰ ওপৰত চলোৱা ভয়াৱহ আক্ৰমণৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে উগ্ৰপন্থীৰ দলটোৱে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষীৰ দল। উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুলীবিদ্ধ আৰক্ষী বিষয়াক প্ৰেৰণ ইম্ফললৈ। স্থানীয় আৰক্ষীয়ে দাবী কৰা অনুসৰি আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আছে কুকি–উগ্ৰপন্থী। উল্লেখ্য যে মনিপুৰৰ হিংসাজৰ্জৰ জিৰিবামলৈ মঙলবাৰে যোৱাৰ কথা আছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন. বীৰেন সিং। মুখ্যমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে সোমবাৰে আগতীয়াকৈ জিলাখনলৈ গৈছিল মুখ্যমন্ত্ৰীৰ নিৰাপত্তৰক্ষীৰ দলটো। সেই সময়তে আদবাটতে নিৰাপত্তাৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলায় উগ্ৰপন্থীৰ দলে। আনহাতে এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে মনিপুৰৰ মুখ্যমন্ত্ৰী এন. বীৰেন সিঙে।

লক্ষ্যণীয়ভাৱে বিগত এসপ্তাহ ধৰি পুনৰ অশান্ত হৈ পৰিছে মনিপুৰৰ জিৰিবাম জিলা। বিশেষকৈ যোৱা সপ্তাহত জিলাখনত এজন মেইটে লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হৈছে বিভিন্ন হিংসাত্মক ঘটনা। ক্ষুব্ধ ৰাইজে জ্বলাই দিছে জিলাখনৰ দুটাকৈ আৰক্ষী ছাউনী। ইপিনে জিৰিবামত পুনৰ সৃষ্টি হোৱা হিংসাত্মক কাৰ্যকলাপত আতংকিত হৈ ঘৰ–বাৰী এৰি পলায়ন কৰিছে বহুলোকে। অসমৰ কাছাৰ জিলাত আশ্ৰয় লৈছে মনিপুৰৰ প্ৰায় ৬০০ লোকে। একে সময়তে বৰাকৰ অসম–মনিপুৰ সীমান্তত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতোই জানিবলৈ দিয়া অনুসৰি সীমান্তত নিয়োজিত কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...