বিজেপি নেতৃত্বাধীন NDAই চৰকাৰ গঠন কৰাৰ পিছতে ঊৰ্দ্ধমুখী হ’ল ছেনছেক্স

নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰাৰ পিছতে দালাল ষ্ট্ৰীটত পুনৰ দেখা গ’ল মোদী মেজিক। বিজেপি নেতৃত্বাধীন NDAই চৰকাৰ গঠন কৰাৰ পিছতে ঊৰ্দ্ধমুখী হ’ল ছেনছেক্স। সোমবাৰে শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ লগে লগে হুৰহুৰাই বাঢ়িল ছেনছেক্স সূচকাংক। বজাৰ মুকলি হোৱাৰ কিছু মুহূৰ্তৰ পিছতে ৭৭ হাজাৰৰ সীমা অতিক্ৰম কৰে ছেনছেক্স সূচকাংকই। সমান্তৰালভাৱে নিফটিও ঊৰ্দ্ধমুখী হোৱা দেখা গ’ল। EXIT POLLৰ ফলাফল প্ৰকাশ হোৱাৰ পিছতে ছেনছেক্স আৰু নিফটি সূচকাংক বৃদ্ধি হৈছিল যদিও নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছত দ্ৰুত গতিত হ্ৰাস পাইছিল ছেনছেক্স সূচকাংক। মাত্ৰ ১৫ মিনিটৰ ভিতৰতে কেবালাখ কোটি টকা হেৰুৱাব লগা হৈছিল বিনিয়োগকাৰীসকলে। কিন্তু মোদীয়ে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণৰ পিছতে সোমবাৰে পুনৰ ঊৰ্দ্ধমুখী হোৱা দেখা গ’ল শ্বেয়াৰ বজাৰ। বজাৰ মুকলি হোৱাৰ পিছত ছেনছেক্স আৰু নিফটিৰ সূচকাংক ঊৰ্দ্ধমুখী হোৱাৰ ফলত সৰ্বাধিক লাভাম্বিত হৈছে পাৱাৰগ্ৰীড, NTPC, SBI, TATA MOTORS, AXIS BANK আৰু আলট্ৰাটেক চিমেণ্ট। আনহাতে লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ল TCS, WIPRO, INFOSYS আৰু টেক মহিন্দ্ৰা। আনহাতে নিফটিৰ সূচকাংক বৃদ্ধি হোৱাৰ ফলত সৰ্বাধিক লাভাম্বিত হয় CIPLA আৰু আদানী প’ৰ্ট। বজাৰ বিশেষজ্ঞৰ মতে শ্বেয়াৰ বজাৰ ঊৰ্দ্ধমুখী হোৱাৰ কেবাটাও কাৰক আছে। ইয়াৰ ভিতৰত অন্যতম কাৰক হ’ল ২০২৪–২৫ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰা ৭ শতাংশৰ পৰিৱৰ্তে ৭.২ শতাংশলৈ বৃদ্ধি পাব বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা সংশোধিত তথ্য। ইয়াৰোপৰি শেহতীয়াকৈ ভাৰতৰ বিভিন্ন আৰ্থিক খণ্ডলৈ বৃহৎ পৰিমাণৰ বিদেশী পুঁজিৰ আগমন ঘটাৰ বাবে সূচকাংক বৃদ্ধি পাইছে। সোমবাৰে শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ পিছতে BSE ছেনছেক্স ৩৮৫.৬৮ পইণ্ট বৃদ্ধি পোৱাৰ ফলত সূচকাংক ৭৭ হাজাৰৰ ঘৰ অতিক্ৰম কৰে। একেদৰে NSE নিফটি সূচকাংক ১২১.৭৫ পইণ্ট বৃদ্ধি পোৱাৰ ফলত সূচকাংক ২৩ হাজাৰ ৪১০লৈ বৃদ্ধি পায়।

মোদীৰ শপত গ্ৰহণৰ পিছতে দালাল ষ্ট্ৰীটত ‘মোদী মেজিক’
সোমবাৰে শ্বেয়াৰ বজাৰ মুকলিৰ পিছতে ঊৰ্দ্ধমুখী ছেনছেক্স
সোমবাৰে ৭৭ হাজাৰৰ ঘৰ অতিক্ৰম কৰে ছেনছেক্স সূচকাংকই
শ্বেয়াৰ বজাৰ মুকলিৰ পিছতে BSE ছেনছেক্স ৩৮৫.৬৮ পইণ্ট বৃদ্ধি
NSE নিফটি সূচকাংক বৃদ্ধি পায় ১২১.৭৫ পইণ্টলৈ
ছেনছেক্স,নিফটি সূচকাংক ঊৰ্দ্ধমুখী হোৱাত লাভাম্বিত কেইবাটাও কোম্পানী
সৰ্বাধিক লাভাম্বিত পাৱাৰগ্ৰীড, NTPC, SBI, TATA MOTORS
লাভাম্বিত হয় AXIS BANK আৰু আলট্ৰাটেক চিমেণ্টো
নিফটিৰ সূচকাংক বৃদ্ধিয়ে লাভাম্বিত কৰে CIPLA আৰু আদানী প’ৰ্টক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...