নিশা শুই থকা অৱস্থাতে গুলিয়াই হত্যা যুৱতীক

ডিফুত সংঘটিত হল এটা চাঞ্চল্যকৰ ঘটনা। শোৱাপাটিতে এগৰাকী যুৱতীক গুলিয়াই হত্যা কৰিলে দুৰ্বৃত্তই। এই ঘটনাৰ পাছতে কাৰ্বি আংলঙৰ আৰলং লাংছ’ত আতংক। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। এতিয়ালৈ কিন্তু আৰক্ষীয়ে কোনো ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ মাজতে ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিলে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। মৃত যুৱতীগৰাকী আছিল বিবাহিতা। প্ৰাক্তন উগ্ৰপন্থী সদস্যৰে বিবাহপাশত আবদ্ধ যুৱতীগৰাকীৰ হৈছিল বিচ্ছেদ।

নিশা শুই থকা অৱস্থাতে গুলিয়াই হত্যা যুৱতীক
বেৰৰ ঘৰত সিন্ধি দি প্ৰৱেশ কৰিলে দুৰ্বৃত্তই
তাৰ পাছতে গুলী যুৱতীগৰাকীলৈ

নিশা তেতিয়া প্ৰায় ডেৰ বাজিছিল। কলেজত পঢ়ি থকা দুই দুই ভগ্নীৰ সৈতে ডিফুৰ ১২নং ৱাৰ্ডৰ আৰলং লাংছ’ত বসবাস কৰিছিল শুকুৰি তিছ’পী নামৰ যুৱতীগৰাকীয়ে। ভাত-পানী খাই নিশা শুই থকা অৱস্থাতে অস্ত্ৰধাৰী দুই দুৰ্বৃত্তই ঘৰৰ তল খান্দি প্ৰৱেশ কৰিলে ভিতৰলৈ। তাৰ পাছত যুৱতীগৰাকীক গুলিয়াই হত্যা কৰিলে। এই খবৰ পোৱাৰ লগেলগে ঘটনাস্থলীত উপস্থিত হল আৰক্ষী। মজিয়াত পৰি থকা মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে। লগতে উদ্ধাৰ কৰিলে এটা খালী কাৰ্টিজ। তাৰ পাছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্য

কোনে হত্যা কৰিলে শুকুৰি তিছ’পীক? এই ঘটনাক লৈ প্ৰতিক্ৰিয়া কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ। তুলিৰামে এই ঘটনা আৰু যুৱতীগৰাকী সন্দৰ্ভত সদৰি কৰিলে কেইটামান বিশেষ তথ্য।
বিবাহিতা আছিল যুৱতীগৰাকী
প্ৰাক্তন উগ্ৰহপন্থী সদস্যৰে সম্পন্ন হৈছিল বিবাহ
তাৰ পাছতে হৈছিল বিচ্ছেদ

এতিয়া কি কাৰণত কোনে যুৱতীগৰাকীক হত্যা কৰিলে তাক লৈ ঘনীভূত হৈছে ৰহস্য। বিবাহ-বিচ্ছেদ আদিৰে সম্পৰ্ক আছে নেকি এই ঘটনাৰ। সেই দিশতো তদন্ত চলাইছে আৰক্ষীয়ে। ইপিনে যুৱতীগৰাকীৰ মৃত্যুৰ পাছত কান্দোনত ভাগি পৰিছে ভগ্নী।
হত্যাকাৰীৰ শাস্তি দাবী তুলিছে সকলোৱে
এই ঘটনাক গৰিহণা তুলিৰাম ৰংহাঙৰ। দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী। প্ৰাক্তন উগ্ৰপন্থী সদস্যই সংঘটিত কৰিলে নেকি এই ঘটনা। যদি হয় তেন্তে এয়া কিন্তু ভয়ানক কাণ্ড। ক্লু বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। এতিয়াও কিন্তু একো পোহৰলৈ অহা নাই।

NKTV Digital
Author: NKTV Digital

7 COMMENTS

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...