চৰকাৰ-প্ৰশাসনৰ নামত ৰাজ্যত চলিছে নেকি ভেকোভাওনা?

উচ্চশিক্ষা সঞ্চালকালয়ে জাৰি কৰা এখন নিৰ্দেশনাই পুনৰ উদঙালে ৰাজ্য চৰকাৰ আৰু বিভাগৰ মাজৰ সামঞ্জস্যহীনতা। উচ্চশিক্ষা প্ৰতিষ্ঠানত নিযুক্তিৰ ক্ষেত্ৰত মঙলবাৰে জাৰি হৈছিল নতুন নিৰ্দেশনা। বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বাবে ৰাজ্যৰ উচ্চশিক্ষা প্ৰতিষ্ঠানত এই নিৰ্দেশনাই সুচল কৰিছিল নিযুক্তিৰ পথ। নিৰ্দেশনা অনুসৰি প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ নিযুক্তিত বাধ্যতামূলক নহয় স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰীক, তৃতীয়-চতুৰ্থ বৰ্গৰ যিযুক্তিত নালাগে পি আৰ চি। খিলঞ্জীয়া বিৰোধী উচ্চশিক্ষা সঞ্চালকালয়ৰ এই নিৰ্দেশনা হঠকাৰী আখ্যাৰে জাঙুৰ খাই উঠিল ৰাজ্যৰ দল সংগঠন। জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দিয়া চৰকাৰৰ দৃষ্টিকটূ এই নিৰ্দেশনাত হাহাকাৰ লাগিল ৰাজ্যৰ নিবনুৱাৰ। বিৰোধী, জাতীয় দল সংগঠনৰ লগতে চৰকাৰৰ মিত্ৰ দলৰ ছাত্ৰ সংগঠনেও চৰকাৰী নিযুক্তিত বহিৰাগতক ৰঙা দলিচা পাৰি দিয়া কাৰ্যক দিলে গৰিহণা। কথা বিষম দেখি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰীয়ে। শিক্ষামন্ত্ৰীৰ মন্তব্য চৰকাৰৰ অগোচৰে দিয়া হৈছিল এই নিৰ্দেশ। চৰকাৰৰ কোনো অনুমোদন নোহোৱাকৈয়ে উচ্চ শিক্ষা সঞ্চালকালয়ে দিছিল হেনো এই নিৰ্দেশ। ঘটনাৰ তদন্তৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ। শিক্ষামন্ত্ৰীৰ মন্তব্যক সমৰ্থন কৰিলে মুখ্যমন্ত্ৰীয়েও। কৰ্তৃত্বহীনভাৱে উচ্চ শিক্ষা সঞ্চালকালয়ে এই নিৰ্দেশ দিয়া বুলি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পি আৰ চি লাগিবই, আমি নিৰ্দেশ দিম। আৰু তাৰ পিছতে বিতৰ্কিত পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ। কিন্তু বিতৰ্কিত নিৰ্দেশনা প্ৰত্যাহাৰ কৰিলেও পি আৰ চিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে নিজৰ স্থিতি। মুখ্যমন্ত্ৰীৰ মতে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰই সুৰক্ষিত কৰিব নোৱাৰে খিলঞ্জীয়াৰ স্বাৰ্থ। মহাবিদ্যালয়ত নিযুক্তিৰ বাবে চৰকাৰে বাধ্যতামূলক কৰিলে স্থানীয় ভাষাৰ দক্ষতা। এইটোহে হ’ল খিলঞ্জীয়া প্ৰাৰ্থীৰ সৰ্বোচ্চ সুৰক্ষা।

কেৱল ইমানেই নহয় পূৰ্বে পি আৰ চিক লৈ হোৱা গোচৰত চৰকাৰে আদালতত পৰাজয় বৰণ কৰা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীক সমালোচনা মুখ্যমন্ত্ৰীৰ। যিসকলে নিজকে জাতীয়তাবাদী বুলি ভাৱে আমি তাতকৈও জাতিয়তাবাদী বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

কিন্তু মুখ্যমন্ত্ৰী এই মন্তব্যক উভতি ধৰিছে দল সংগঠনে। যদি চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় ভাষাৰ দক্ষতা বাধ্যতামূলক কৰিছে তেন্তে স্থানীয় ভাষাৰ দক্ষতা নিৰ্ণয়ৰ স্পষ্ট নিৰ্দেশনা নিদিয়ে কিয়? সেই ক্ষেত্ৰত চৰকাৰে কিয় মহাবিদ্যালয় সমূহৰ ক’ৰ্টলৈ থেলিলে বল? ইফালে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰক লৈ দিয়া বিভাগৰ নিৰ্দেশনাৰ সন্দৰ্ভত চৰকাৰ অৱগত নহয় বুলি কোৱাটো হাস্যকৰ আখ্যা দি আছুৰ সভাপতি উৎ‍পল শৰ্মাৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান।

বিভাগৰ নিৰ্দেশৰ কথা চৰকাৰে নাজানো বুলি কোৱাক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰশ্ন চৰকাৰৰ সন্মুখত এজন সঞ্চালক কোন? চৰকাৰ প্ৰশাসন পৰিচালনা কৰাৰ যিটো পিৰামিড তাৰ আটাইতকৈ তলত অৱস্থান সঞ্চালকৰ।

সঞ্চালকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া বিষয়টোকো ভেকোভাওনা আখ্যা ভূপেন বৰাৰ। চৰকাৰৰ ব্যৰ্থতা ঢকাৰ এয়া এক কূট কৌশল বুলিহে আখ্যা দিলে ভূপেন বৰাই।

জাতীয় দল সংগঠন, বিৰোধীৰ সমান্তৰালকৈ এই বিতৰ্কিত নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মিত্ৰ দল অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদেও। যদি চৰকাৰৰ অজ্ঞাতেই এনে এক স্পৰ্শকাতৰ নিৰ্দেশ দিছিল তেন্তে শীঘ্ৰে উচ্চ শিক্ষা সঞ্চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাৰ।

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...