সুনীল গগৈ জীয়াই আছে! সংযুক্তা পৰাশৰ বিশ্বাসী

ঢকুৱাখনাৰ সুনীল-জাহাংগীৰ কাণ্ডৰ কোনো উৱাদিহ পোৱা নাই কোনেও। এতিয়ালৈ সিদ্ধান্তত উপনীত হ’ব পৰা নাই চি আই ডিও। আৰক্ষীৰ পৰা ঘটনাৰ তদন্তৰ দায়িত্ব চি আই ডিক দিয়াৰ পাছতো বৰ বিশেষ সফলতা লাভ কৰা নাই অনুসন্ধানকাৰী সংস্থাটোৱে। মঙলবাৰে সন্ধিয়া সুনীল গগৈৰ বাসগৃহত CIDৰ IGP সংযুক্তা পৰাশৰ। সুনীলৰ পুত্ৰ আৰু ভতিজাকক নিশা থানাত হাজিৰ হবলৈ নিৰ্দেশ CIDৰ। লগতে সুনীলৰ পত্নীক কেইটামান বিশেষ কথা কলে সংযুক্তা পৰাশৰে, ‘আপুনি শিৰত সেন্দুৰ কিয় লোৱা নাই? কিয় পিন্ধি আছে বিধৱাৰ সাজ?
সুনীল গগৈ জীয়াই আছে।’ চি আই ডি আৰু আৰক্ষীৰ দল ওলাই অহাৰ পাছতে নিশা থানাত হাজিৰ হ’ল সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ আৰু ভতিজাক জয়ন্ত গগৈ। তেওঁলোককো একেকেইটাই প্ৰশ্ন। সংযুক্ত পৰাশৰৰ এই কথাক সহজভাৱে লব পৰা নাই সুনীলৰ পত্নীয়ে। কিয় এনে প্ৰশ্ন কৰিলে, এনে পৰামৰ্শ দিলে চি আই ডিৰ বিষয়া সংযুক্ত পৰাশৰে। সুনীল গগৈৰ পত্নীৰ দাবী, ‘মোৰ স্বামী জীয়াই আছে বুলি প্ৰমাণ দিয়ক, তেতিয়াহে মই ত্যাগ কৰিম বগা সাজ।যদি তেওঁলোকে জানে সুনীল গগৈ জীয়াই আছে। তেওঁক উলিয়াই দিয়ক। আৰক্ষীয়েই সেই মৃতদেহটো সুনীল গগৈৰ বুলি চমজাই দিছিল পৰিয়ালক। তাৰ পাছতহে নিয়ম অনুসৰি সতকাৰ কৰা হৈছিল সুনীলৰ মৃতদেহ।’

ইপিনে বুধবাৰে সুনীল গগৈৰ বাসগৃহত উপস্থিত স্থানীয় বিধায়ক নৱ কুমাৰ দলে। তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ আহ্বান। সুনীলৰ পুত্ৰৰ শিক্ষা-দীক্ষাৰ দিশটো বিবেচনা কৰাৰ আশ্বাস দিলে নৱ দলেই।

এই ঘটনাক লৈ এতিয়াও কেৱল ৰহস্য আৰু ৰহস্য। আৰক্ষী-চি আই ডিয়ে দাবী কৰাৰ দৰে যদি সুনীল গগৈ জীয়াই আছে তেন্তে ক’ত আছে। যদি মৃতদেহটো জাহাংগীৰৰ তেন্তে ছিণ্ড মুণ্ডটো ক’ত। সুনীলৰ কোনো সন্ধান নিদিয়াকৈ ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন হোৱাৰ পাছত পত্নীক বগা সাজ পিন্ধিব নালাগে বুলি কোৱাৰ যুক্তি ক’ত। সেয়া কেৱল চি আই ডিয়ে জানিব। জানিব সংযুক্ত পৰাশৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...