ক’ৰবালৈ যাবলগীয়া থাকিলে যিকোনো গাড়ীত উঠি নলব

ক’ৰবালৈ যাবলগীয়া থাকিলে যিকোনো গাড়ীত উঠি নলব। খানাপাৰা, জালুকবাৰীত এতিয়া ঘূৰি ফুৰিছে অপৰাধী মানসিকতাৰ যুৱক। যিকোনো মুহূৰ্তত বিপদত পৰিব আপুনি। এহাল যুৱক-যুৱতীৰ লগত ঘটিল অনাকাংক্ষিত এটা ঘটনা। যুৱকজন বেংগালুৰুৰ, যুৱতীগৰাকী গোৱালপাৰাৰ ৰংজুলিৰ। দুয়ো বেংগালুৰুত এটা ব্যক্তিগত কোম্পানীত একেলগে কাম কৰে। শেহতীয়াকৈ উত্তৰ-পূবৰ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ তেওঁলোক আহি উপস্থিত হৈছিলহি গুৱাহাটীত। প্ৰথমেই তেওঁলোক ৰাওনা হৈছিল শ্বিলঙলৈ। শ্বিলঙৰ পৰা ঘূৰি আহি দুয়ো যুৱক-যুৱতীৰ ৰংজুলিৰ ঘৰলৈ যোৱাৰ পৰিকল্পনা। সেই উদ্দেশ্যে জালুকবাৰী উৰণ সেতুত ৰৈ আছিল দুয়ো। তেনেতে আহিল এখন নীলা ৰঙৰ ছুইফ্ট ডিজায়াৰ। গুৱহাটীৰ পঞ্জীয়ন AS 01QC 9447।
বাহনখনৰ পৰা চালকে সুধিলে ক’লৈ যাব। দুয়ো কলে ৰংজুলিলৈ। আহক। উঠি ললে দুয়ো। তাৰ পাছতে গাড়ীখন গোৱালপাৰাৰ দিশে নগৈ আমিনগাঁৱৰ দিশে ৰাওনা হল। কিছুদূৰ যোৱাৰ পাছতে গাড়ীখনত আৰু এজন যুৱক উঠিল। চালকে কলে ভাড়াটো ভাগ হব। কিছুদূৰ গৈ পুনৰ উঠিল এজন যুৱক। তাৰ পাছত আৰু এজন।

চালকসহ আন চাৰিজনে গাড়ীৰ ভিতৰতে নিৰ্যাতন আৰম্ভ কৰিলে যুৱতীগৰাকীৰ ওপৰত। অসহায় বেংগালুৰুৰ পৰ্যটক। যুৱতীৰ পৰিয়ালক ফোন কৰিবলৈ দিলে চাৰি যুৱকে। দাবী কৰিলে ক্ষতিপূৰণ। উপায়ন্তৰ নাপাই যুৱতীগৰাকীয়েও ফোন লগালে পৰিয়ালে। ক’লে অপহৰণৰ কথা। যুৱতীৰ পৰিয়ালে খবৰ দিলে আৰক্ষীক। তাৰ পাছতে কামৰূপ আৰক্ষীয়ে আৰম্ভ কৰিলে অভিযান।

বাইহাটা আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰিলে বাহনখন। আৰক্ষীক মহতিয়াই বাহনখনৰ পলায়ন। ডিজায়াৰৰ খুন্দাত আহত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমিত মাহতু আৰু দুজন আৰক্ষী জোৱান। বিপদত পৰাৰ শংকাত চাৰি অপহৰণকাৰীয়ে শিঙাৰপাৰা নামে ঠাইত পেলাই দিলে দুই যুৱক-যুৱতীক। বাহন লৈ চাৰি অপহৰণকাৰীয়ে সেই ঠাই এৰি পলায়ন কৰিলে। আৰক্ষীয়ে উদ্ধাৰ কৰিলে যুৱক-যুৱতীহালক। অভিযান চলাই বৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিলে ৩ অপহৰণকাৰীক। আৰক্ষীৰ জালত ৰমজান আলী, মফিজুদ্দিন আলী, জহিৰুল আলী। তেতিয়ালৈ গাড়ীখনৰ চালকৰ সন্ধান পোৱা নাছিল আৰক্ষীয়ে। অভিযান চলি থকাৰ মাজতে শুৱালকুছিৰ চৰত ব্ৰহ্মপুত্ৰত জাঁপ দিলে চালক মনোৱাৰ আলীয়ে। এতিয়া মনোৱাৰক বিচাৰি ব্ৰহ্মপুত্ৰত অভিযান চলাইছে আৰক্ষীয়ে।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অপহৰণকাৰীৰ কঠোৰ শাস্তিৰ দাবী তুলিছে সকলোৱে। বহিঃৰাজ্যৰ পৰ্যটক সন্মুখীন হোৱা এই ঘটনাই স্বাভাৱিকত লজ্জানত কৰিছে ৰাজ্যবাসীক। একেসময়তে এই ঘটনাৰ বিৰুদ্ধে চলোৱা ক্ষীপ্ৰ অভিযানৰ বাবে কামৰূপ আৰক্ষীকো প্ৰশংসা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...