অৱশেষত লাডাখত উদ্ধাৰ গৌতম ৰাজবংশীৰ মৃতদেহ

গৌতম ৰাজবংশী। ভাৰতীয় সেনাৰ হাবিলদাৰ হিচাপে কৰ্মৰত আছিল গোগামুখৰ ২নং কাৰপুংপুলি পথৰ গৌতম ৰাজবংশী। কৰ্মসূত্ৰে লাডাখত আছিল গৌতম ৰাজবংশী। লাডাখত ভাৰতীয় সেনাৰ এটা ৪০ জনীয়া জোৱানৰ দলক আন ৩ প্ৰশিক্ষকৰ সৈতে স্কিইঙৰ প্ৰশিক্ষণ দিয়াৰ দায়িত্বত আছিল গৌতম ৰাজবংশী।
২০২৩ৰ ৮ অক্টোবৰৰ দিনা এক দুৰ্ঘটনা হৈছিল লাডাখত। তেতিয়াৰে পৰাই সন্ধানহীন আছিল গৌতম ৰাজবংশী।

ঘটনাৰ দিনা আন ৩ প্ৰশিক্ষকৰ সৈতে প্ৰশিক্ষণকেন্দ্ৰৰ ওপৰলৈ স্কিই কৰি গৈছিল গৌতমে। হঠাৎ এক ভয়ংকৰ হিমস্খলন হৈছিল সেই স্থানত। লাডাখৰ পৰ্বতৰ পৰা হঠাৎ নামি অহা বৰফৰ ধলে নিমিষতে বহু তললৈ নমাই আনিছিল গৌতমসহ ৪ প্ৰশিক্ষকক। বহু সময় ধৰি চলা তুষাৰৰ ধুমুহা আৰু হিমস্খলনে অজ্ঞাত স্থানত পুতি পেলাইছিল তেওঁলোকক।

তাৰ পিছত ভাৰতীয় সেনাৰ সুদক্ষ স্কিইং প্ৰশিক্ষক গৌতম ৰাজবংশী আৰু আন তিনিজনৰ সন্ধানত কেইবাদিনো ধৰি চলিছিল ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান। এজনৰ মৃতদেহ পোৱা গ’ল। কিন্তু গৌতমসহ আন ৩ প্ৰশিক্ষকৰ মৃতদেহ লাডাখৰ অজ্ঞাত স্থানত বৰফৰ তলতে পোত খাই থাকিল। সেনাই তেতিয়াই ঘোষণা কৰিলে- বৰফ হ্ৰাস পালে পুনৰ জুন-জুলাইত চলোৱা হ’ব উদ্ধাৰ অভিযান। সেই অনুসৰি চলোৱা ভাৰতীয় সেনাৰ অভিযান সোমবাৰে উদ্ধাৰ হয় হাবিলদাৰ গৌতম ৰাজবংশীৰ মৃতদেহটো। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মঙলবাৰে কাৰগিললৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো। বুধবাৰৰ ভিতৰত গৌতম ৰাজবংশীৰ মৃতদেহ গোগামুখৰ ঘৰত উপস্থিত হোৱাৰ কথা। ভাৰতীয় সেনাৰ তৰফৰ পৰা পোৱা এই খবৰৰ পিছতে শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...

মুকলিৰ দিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন; গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকৰ্মী

পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি কৰাৰ প্ৰথম...