হাথৰছ কাণ্ডক লৈ SITৰ প্ৰতিবেদনত তীব্ৰ প্ৰতিক্ৰিয়া

১২১জন লোকৰ প্ৰাণহানি হোৱা হাথৰছ কাণ্ডৰ প্ৰতিবেদন দাখিল কৰিছে যোগী আদিত্যনাথ চৰকাৰে গঠন কৰি দিয়া SIT-এ। প্ৰতিবেদন দাখিলৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। SIT-ৰ প্ৰতিবেদনত অভিযুক্ত নহ’ল ভোলে বাবা। ৬ গৰাকী চৰকাৰী বিষয়াক ‘দোষী’ কৰি কৰা হৈছে নিলম্বন। চৰকাৰী বিষয়া কেইগৰাকীৰ বিৰুদ্ধে ‘হেমাহি’ৰ অভিযোগ। মুখ্য আয়োজক দেবপ্ৰকাশ মধুকৰসহ ৯ জনক গ্ৰেপ্তাৰ।

২ জুলাইত উত্তৰ প্ৰদেশৰ হাথৰছত আয়োজন কৰা হৈছিল সৎসংগ অনুষ্ঠানৰ। সুৰয পাল সিং ওৰফে স্বয়ম্ভূ ভগৱান নাৰায়ণ সাকাৰ হৰি ভোলে বাবাৰ প্ৰৱচন শুনিবলৈ আঢ়ৈ লাখ লোকৰ সমাৱেশ ঘটে। ৮০ হাজাৰ লোকৰ বাবে আয়োজন কৰা অনুষ্ঠানটো আঢ়ৈ লোকৰ সমাৱেশে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। অনুষ্ঠানৰ শেষত পদধুলা ল’বলৈ ভোলে বাবাই আহ্বান জনায়। ভোলে বাবাৰ আহ্বানত ঠেলা-হেঁচা লাগে ভক্তৰ মাজত। পদপিষ্ট হৈ নিহত হয় ১২১জন লোক।

পিছে SITৰ প্ৰতিবেদন ভোলে বাবাক অভিযুক্ত নকৰা বুলি অভিযোগ উঠাৰ লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ১২৫ গৰাকী লোকৰ সাক্ষ্য লৈ SIT-এ প্ৰস্তুত কৰা SITৰ প্ৰতিবেদনৰ ভিত্তিত যোগী চৰকাৰে চক্ৰ বিষয়া, তহচিলদাৰসহ ৬ বিষয়া কৰ্মচাৰীক। ইফালে অভিযাগ উঠিছে ভোলে বাবাৰ আছে ৰাজনীতিৰে সু-সম্পৰ্ক। ৰাজনৈতিক দলৰ পৰা পুজিও লাভ কৰে স্বয়ম্ভূ ভগৱান ভোলে বাবাই।

প্ৰশ্ন উঠিছে এনেবোৰ কাৰণতে ভোলে বাবাই ক্লিনশ্বীট পাইছে নেকি? কিন্তু এই মহূৰ্ততো আদালতৰ পদক্ষেপলৈ অপেক্ষা কৰিছে বহুজনে। এগৰাকী জ্যেষ্ঠ অধিবক্তাই এজন প্ৰাক্তন ন্যায়াধীশৰ এখন তদন্ত সমিতি গঠন কৰাৰ বাবে আৱেদনত জনাইছিল। শুকুৰবাৰে আছে শুনানী। ইয়াৰ পিছত স্পষ্ট হ’ব আইনী ব্যৱস্থা কিদৰে আগবাঢ়িব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ সন্মুখত কঠিন কূটনৈতিক পৰীক্ষা; BRICS সন্মিলনৰ পৰা ভাৰতে কি লাভ কৰিব?

নতুন দিল্লীত আৰম্ভ হৈছে ১৮সংখ্যক BRICS সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি...

সু/ৰা/ই কাল হ’ল নেকি ৫ যুৱকৰ জীৱন? ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দু/ৰ্ঘ/ট/না

শোণিতপুৰত ভয়ংকৰ পথ দু/ৰ্ঘ/ট/না, থিতাতে নি/হ/ত ৫ যুৱক। শোণিতপুৰৰ...

দিল্লীৰ ৰাজপথত পুটিনৰ ‘Aurus Senat’; কিয় বিশেষ পুটিনৰ এই বাহনখন?

নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ...

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...