বনভোজলৈ যোৱাৰ কথা ভবাৰ আগতে জানি লওক এই নিয়ম

বনভোজকাৰী দললৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। বনভোজৰ সময়ত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে প্ৰশাসনে। সেই অনুসৰি নৱবৰ্ষ আৰু বনভোজক লৈ চৰকাৰে আগতীয়াকৈ নিৰ্দেশনা জাৰি কৰিছে। নৱবৰ্ষৰ প্ৰাক সন্ধিয়া অথবা মাজনিশা সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব চালকে। সুৰাপান গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমনা বিহিব প্ৰশাসনে। ৰাজপথত চালকে সুৰাপান কৰি গাড়ী চলোৱাৰ প্ৰমাণ পালে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা। ইয়াৰ লগতে সুৰাপান কৰি গাড়ী চলালে বাতিল হ’ব লাইচেঞ্চ। সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব প্ৰশাসনে। উচ্চস্বৰত বজাব নোৱাৰিব সংগীত। পৰিৱেশ নিয়ন্ত্ৰণত ৰখা আৰু সকলোকে সংযম বজাই ৰখাৰ বাবে প্ৰশাসনে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।
পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ। ৩১ ডিচেম্বৰত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত সিদ্ধান্ত। বৈঠকৰ অন্তত পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰিলে এই কথা। উল্লেখ্য যে, প্ৰতি বছৰে বনভোজলৈ গৈ অথবা ৩১ ডিচেম্বৰৰ মায়াবী নিশা পথ দুৰ্ঘটনাত শ শ লোকৰ মৃত্যু ঘটে। সুৰাপায়ী চালকৰ বাবে বহু লোকৰ জীৱন অকালতে নোহোৱা হয়। ধন-জন হানিৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ বাবে বহু অনাকাংক্ষিত পৰিস্থিতিৰো সূচনা হৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...