চীনক ন এণ্ট্ৰি, ভাৰতৰ বাবে খোল খালে দুৱাৰ

ভ্ৰমণ কৰি ভাল পোৱা সকলৰ বাবে নিতান্তই ভাল খবৰ। ভাৰতক এট ৰিস্ক দেশসমূহৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰিছে ছিংগাপুৰে। কভিডকালীন পৰিস্থিতিৰ বাবে ভাৰতক এট ৰিস্ক তালিকাত ৰাখিছিল ভাৰতক। দেশত কভিডৰ নতুন নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ লগতে আৰু বিদেশৰ পৰা যাত্ৰাসকলে বিশেষকৈ কভিড ভাইৰাছ কঢ়িয়াই নিব পৰা আশংকাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা ৰূপে ছিংগাপুৰে এই তালিকা প্ৰস্তুত কৰি আহিছে। সেই অনুসৰি বিপদজনক দেশৰ তালিকা প্ৰস্তুত কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ভ্ৰমণৰ আগ্ৰহী আৰু বিপদৰ ভয়াৱহতা যাতে দেশখনৰ জনসাধাৰণে অনুধাৱণ কৰিব পাৰে তাৰ বাবে প্ৰতিখন দেশে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।


উল্লেখ্য যে, ভাৰতক এই তালিকাৰ পৰা প্ৰত্যাহাৰ কৰিলেও চীনক এতিয়াও ৰখা হৈছে ১২খন দেশৰ এট ৰিস্ক কাণ্ট্ৰিত। চীনৰ লগতে আছে ইউৰোপীয় দেশসমূহ বিশেষকৈ ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, বটছুৱানা, ঘানা, মৰিছাচ, নিউজিলেণ্ড, জিম্মাবৱে, হংকং আৰু ইজৰাইল। মন কৰিবলগীয়া যে, এই তালিকাত আছে এছিয়াৰ হংকং, চীন আৰু মৰিছাচৰ দৰে দেশ। আছে আফ্ৰিকা মহাদেশৰ ঘানা, জিম্মাবৱে আৰু দক্ষিণ আফ্ৰিকাও। নতুন তালিকা প্ৰকাশৰ লগে লগে এই তালিকাৰ পৰা প্ৰত্যাহাৰ ভাৰত, আগন্তুক দিনত দুয়োখন দেশৰ মাজত যাত্ৰীৰ চলাচল আৰু বাণিজ্য বৃদ্ধিৰ আশা কৰিব পাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW...

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত...

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...