জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং

তামিলনাডুৰ কুন্নুৰত বুধবাৰে সংঘটিত সামৰিক বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা একমাত্ৰ যাত্ৰীজন হৈছে বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং। এই ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন ১১জন যাত্ৰীয়ে। দুৰ্ঘটনাৰ পিছতে বায়ুসেনা বিষয়াজনক ৱেলিংটনৰ সামৰিক হাস্পতালত চিকিৎসাধীন কৰা হৈছিল যদিও আজি তেওঁক বাংগালুৰুৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে।

বাংগালুৰুৰ চিকিৎসালয়ত বায়ুসেনা বিষয়াজনৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। আহত বৰুণ সিঙৰ অৱস্থা সংকটজনক বুলি প্ৰকাশ কৰা হৈছে। যোৱা বছৰ তেওঁ চলোৱা বিমানত কাৰিকৰী বিজুতি দেখা দিয়াৰ পিছতে অসীম সাহসেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু বিভিন্ন সময়ত বায়ুসেনা বাহিনীলৈ আগবঢ়োৱা অৱদানৰ বাবে যোৱা আগষ্টত তেওঁৰ শৌৰ্য চক্ৰ সন্মান প্ৰদান কৰা হৈছিল। বায়ুসেনা বিষয়াজনৰ চিকিৎসাৰ বাবে তামিলনাডু চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগে পতা...