জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং

তামিলনাডুৰ কুন্নুৰত বুধবাৰে সংঘটিত সামৰিক বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা একমাত্ৰ যাত্ৰীজন হৈছে বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং। এই ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন ১১জন যাত্ৰীয়ে। দুৰ্ঘটনাৰ পিছতে বায়ুসেনা বিষয়াজনক ৱেলিংটনৰ সামৰিক হাস্পতালত চিকিৎসাধীন কৰা হৈছিল যদিও আজি তেওঁক বাংগালুৰুৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে।

বাংগালুৰুৰ চিকিৎসালয়ত বায়ুসেনা বিষয়াজনৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। আহত বৰুণ সিঙৰ অৱস্থা সংকটজনক বুলি প্ৰকাশ কৰা হৈছে। যোৱা বছৰ তেওঁ চলোৱা বিমানত কাৰিকৰী বিজুতি দেখা দিয়াৰ পিছতে অসীম সাহসেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু বিভিন্ন সময়ত বায়ুসেনা বাহিনীলৈ আগবঢ়োৱা অৱদানৰ বাবে যোৱা আগষ্টত তেওঁৰ শৌৰ্য চক্ৰ সন্মান প্ৰদান কৰা হৈছিল। বায়ুসেনা বিষয়াজনৰ চিকিৎসাৰ বাবে তামিলনাডু চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি। ঘূৰি আহিলে ভাৰতলৈ...

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে সুনীতা উইলিয়ামছ?

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে...

পদে পদে বিপদ, কি কি প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ?

আৰম্ভ হ’ল সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ যাত্ৰা। মহাকাশ আস্থানৰ...

বিশ্বজুৰি সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজত সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তন আৰম্ভ

বিশ্বজুৰি সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজত সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তন আৰম্ভ।...