২০২৩ চনৰ পৰা ৰাজ্যত নতুন শিক্ষা ব্যৱস্থা

বঙাইগাঁৱত আজি অনুষ্ঠিত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত শিক্ষা ব্যৱস্থাৰ প্ৰচলন হ’ব বুলি কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। ৫+৩+৩+৪ আৰ্হিত হ’ব শিক্ষা ব্যৱস্থা। আৰম্ভণিতে হ’ব বুনিয়াদী শিক্ষা ব্যৱস্থা। বৰ্তমানৰ মধ্য ইংৰাজী বিদ্যালয় হ’ব মধ্যম বৰ্গ। নৱম, দশম, একাদশ আৰু দ্বাদশ মিলি হ’ব হাইস্কুল। বিদ্যালয়ৰ ১৫টা শিক্ষা বৰ্ষ অতিক্ৰম কৰাৰ পিছত শিক্ষাৰ্থীয়ে দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰিব পাৰিব। ২০২৩ চনৰ পৰা আৰম্ভ হ’ব এই নতুন ব্যৱস্থা। আজিৰে পৰা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰম চলাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...