T20 ক্ৰিকেটৰ দ্ৰুততম অৰ্ধশতকৰ অভিলেখ নেপালী খেলুৱৈ দীপেন্দ্ৰ সিংহ ঐৰিৰ

এছিয়ান গেমছত বিস্ফোৰণ ঘটাইছে বিশ্ব ক্ৰিকেটৰ শিশু হিচাপে চিহ্নিত নেপালে। নেপাল দলে হাঝৌ এছিয়ান গেমছৰ পুৰুষ শাখাৰ প্ৰথমখন খেলতে মংগোলীয়াক বৃহৎ ব্যৱধানত পৰাস্ত কৰাৰ লগতে গঢ়িলে ৫টাকৈ বিশ্ব অভিলেখ। নেপালৰ বিস্ফোৰক ইনিংছৰ কালত ভাঙি চাৰখাৰ হৈ গ’ল ৰোহিত শৰ্মা, যুৱৰাজ সিং, ডেভিড মিলাৰে গঢ়া পূৰ্বৰ বিশ্ব অভিলেখ।

এছিয়ান গেমছত এখন খেলতে ৫টাকৈ বিশ্ব ৰেকৰ্ড গঢ়িলে নেপালে

T20 ক্ৰিকেটৰ দ্ৰুততম অৰ্ধশতকৰ অভিলেখ নেপালী খেলুৱৈ দীপেন্দ্ৰ সিংহ ঐৰিৰ

দ্ৰুততম শতকৰো নতুন অভিলেখ গঢ়িলে নেপালৰ কুশল মল্লই

এটা ইনিংছত ৩১৪ ৰান কৰি T 20ত সৰ্বাধিক ৰানৰ বিশ্ব অভিলেখ নেপালৰ

T 20ত ৩০০ ৰান কৰা নেপাল প্ৰথম হিচাপে চিহ্নিত হৈছে।

এছিয়ান গেমছত মংগোলীয়াৰ বিৰুদ্ধে এখন খেলত নেপালে বিশাল ৰানৰ ব্যৱধানত জয়লাভ কৰিছে। খেলখনত নেপালৰ খেলুৱৈয়ে টি ২০ ক্ৰিকেটত নতুনকৈ গঢ়িলে ৫টা বিশ্ব অভিলেখ। এইখন খেল আছিল এছিয়ান গেমছৰ পুৰুষ শাখাৰ প্ৰথমখন খেল। প্ৰথমে বেট ধৰি নেপালে ২০ অভাৰত মাথোঁন তিনিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩১৪ ৰান। প্ৰত্যুত্তৰত মংগোলীয়াৰ ইনিংছ ১৩ অভাৰত৪১ ৰানতে সমাপ্ত হয়। ফলত ২৭৩ ৰানৰ ব্যৱধানত জয়ী হয় নেপাল, যিটো এক বিশ্ব অভিলেখ।

খেলখনত সৰ্বাধিক ২৬টা ছিক্সাৰৰ আন এক বিশ্ব অভিলেখ গঢ়িছে নেপালে

খেলখনৰ বিশেষত্ব আছিল কুশল মল্ল আৰু দীপেন্দ্ৰ সিং ঐৰিৰ বিস্ফোৰক বেটিং। আৰম্ভণিৰ পৰাই দুয়ো উইকেটৰ চাৰিওফালে কোবাই বিশাল ইনিংছ গঢ়ে।

কুশল মল্লই মাথোঁন ৩৪টা বলতে শতক সম্পূৰ্ণ কৰে

কুশলে ভংগ কৰে ৩৫ বলত শতৰান কৰা ৰোহিত শৰ্মা, দঃ আফ্ৰিকাৰ মিলাৰৰ অভিলেখ

তেওঁ মাথোঁ ৫০ বলত ১৩৭ ৰানত অপৰাজিত হৈ ৰয়

কুশলৰ ইনিংছত আছিল ১২টা ছিক্সাৰ, ৮টা বাউণ্ডেৰী

নেপালৰ দীপেন্দ্ৰই মাথোঁ ৯টা বলতে ৮টা ছিক্সাৰসহ কৰে সম্পূৰ্ণ কৰে অৰ্ধশতক

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ভাৰতীয় খেলুৱৈ যুৱৰাজ সিঙৰ

টি ২০ত সৰ্বাধিক ৰানৰ অভিলেখ আছিল আফগানিস্তানৰ দখলত। ২০১৯ত আয়াৰলেণ্ডৰ বিৰুদ্ধে ২০ অভাৰত ৩ উইকেট হেৰুৱাই ২৭৮ ৰান কৰিছিল আফগানিস্তানে। এইবাৰ নেপালী বেটছমেনৰ বিস্ফোৰণত সেই অভিলেখ ভংগ হ’ল। টি ২০ত ইয়াৰ পূৰ্বে কোনো দলে ৩০০ ৰান অতিক্ৰম কৰা নাছিল। এই ক্ষেত্ৰত আন এক অভিলেখ সৃষ্টি কৰিলে নেপালে। নেপালৰ ইনিংছত ২৬টা ছিক্সাৰেৰে আন এক বিশ্ব অভিলেখ গঢ়িলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...