সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস আৰু পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসলৈ বিশেষ বঁটা

সমগ্ৰ দেশতে নিৰাপদ পৰিবহণ ব্যৱস্থাক প্ৰসাৰিত কৰাত প্ৰতিশ্ৰুতিবদ্ধ সৰ্বভাৰতীয় সংস্থা “ছিয়াম”, নতুন দিল্লীৰ ২৪ সংখ্যক অধিবেশনৰ ছ’চাইটি ফৰ অ’টোমোটিভ ফিটমেছ এণ্ড এনভাইৰনমেন্টৰ দুদিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে ৷ মহানগৰীৰ হোটেল ভিভান্টাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত আজি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসক “পথ-সুৰক্ষা যোদ্ধা” (Road safety warrior) আৰু পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসক পথ-সুৰক্ষা বিধি ব্যৱস্থা তথা পথ সুৰক্ষা আইন বলবতৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে বিশেষ পাৰদৰ্শিতা (Road safety through Law Enforcement Excellence) বঁটাৰে বিভূষিত কৰে। উল্লেখ্য যে বিগত সময়চোৱাত ৰাজ্যখনত পথ-সুৰক্ষা সজাগতাক প্ৰায় সকলো শ্ৰেণীৰ মানুহৰ মাজলৈ আগবঢ়াই নিয়াত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ উৎসাহজনক আৰু প্ৰেৰণাদায়ক ভূমিকা মনকৰিবলগীয়া। যি কথা ইতিমধ্যে ৰাজ্যবাসীৰ মাজত বহুলভাৱে চৰ্চিত।

দাসৰ পৰিবহণ ক্ষেত্ৰলৈ এই সহযোগিতাৰ বাবে আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় সংস্থাটোৱে তেওঁক এই সন্মানজনক বঁটা প্ৰদান কৰে। একেদৰে পথ সুৰক্ষা আৰু যানবাহন আইন প্ৰয়োগৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ সফল ৰূপায়নেৰে সুৰক্ষিত যাতায়ত গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ ভূমিকা মন কৰিবলগীয়া। যাৰবাবে তেওঁক অনুষ্ঠানটোৱে এই বঁটা প্ৰদান কৰে ৷ উল্লেখ্য যে, একেটা অনুষ্ঠানতে যান-বাহন পৰিদৰ্শক জয়সিং ৰংফাৰসহ আন কেইবাগৰাকীকো বঁটা প্ৰদান কৰি অনুষ্ঠানটোৱে উৎসাহ-উদ্দীপনা যোগায়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...