সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস আৰু পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসলৈ বিশেষ বঁটা

সমগ্ৰ দেশতে নিৰাপদ পৰিবহণ ব্যৱস্থাক প্ৰসাৰিত কৰাত প্ৰতিশ্ৰুতিবদ্ধ সৰ্বভাৰতীয় সংস্থা “ছিয়াম”, নতুন দিল্লীৰ ২৪ সংখ্যক অধিবেশনৰ ছ’চাইটি ফৰ অ’টোমোটিভ ফিটমেছ এণ্ড এনভাইৰনমেন্টৰ দুদিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে ৷ মহানগৰীৰ হোটেল ভিভান্টাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত আজি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসক “পথ-সুৰক্ষা যোদ্ধা” (Road safety warrior) আৰু পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসক পথ-সুৰক্ষা বিধি ব্যৱস্থা তথা পথ সুৰক্ষা আইন বলবতৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে বিশেষ পাৰদৰ্শিতা (Road safety through Law Enforcement Excellence) বঁটাৰে বিভূষিত কৰে। উল্লেখ্য যে বিগত সময়চোৱাত ৰাজ্যখনত পথ-সুৰক্ষা সজাগতাক প্ৰায় সকলো শ্ৰেণীৰ মানুহৰ মাজলৈ আগবঢ়াই নিয়াত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ উৎসাহজনক আৰু প্ৰেৰণাদায়ক ভূমিকা মনকৰিবলগীয়া। যি কথা ইতিমধ্যে ৰাজ্যবাসীৰ মাজত বহুলভাৱে চৰ্চিত।

দাসৰ পৰিবহণ ক্ষেত্ৰলৈ এই সহযোগিতাৰ বাবে আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় সংস্থাটোৱে তেওঁক এই সন্মানজনক বঁটা প্ৰদান কৰে। একেদৰে পথ সুৰক্ষা আৰু যানবাহন আইন প্ৰয়োগৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ সফল ৰূপায়নেৰে সুৰক্ষিত যাতায়ত গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ ভূমিকা মন কৰিবলগীয়া। যাৰবাবে তেওঁক অনুষ্ঠানটোৱে এই বঁটা প্ৰদান কৰে ৷ উল্লেখ্য যে, একেটা অনুষ্ঠানতে যান-বাহন পৰিদৰ্শক জয়সিং ৰংফাৰসহ আন কেইবাগৰাকীকো বঁটা প্ৰদান কৰি অনুষ্ঠানটোৱে উৎসাহ-উদ্দীপনা যোগায়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...