গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈ এছিয়ান কাৰ ৰেলী

গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি এছিয়ান কাৰ ৰেলী ভূটানৰ গেলেফুত গৈ উপস্থিত হৈছে। BIBN Friendship Car Rally বুলি নামাকৰণ এইবাৰৰ এছিয়ান কাৰ ৰেলীৰ। জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই পুৱা নেহৰু ষ্টেডিয়ামত ৰেলীৰ ফ্লেগ অফ কৰে।

Connecting Neighbours এই বাণীৰে নৰ্থ ইষ্ট ফেডাৰেচন অন ইন্টাৰনছনেল ট্ৰেড চমুকৈ NEFIT শীৰ্ষক সংগঠনে চতুৰ্থ বাৰলৈ আয়োজন কৰিছে এছিয়ান Car Rally। ভাৰতৰ লগতে ভূটান, নেপাল, বাংলাদেশ সামৰি আয়োজন কৰা এই ৰেলীৰ নাম দিয়া হৈছে BIBN Friendship Car Rally, পূৰ্বে NEFIT এ ম্যানমাৰ, থাইলেণ্ড, লাওচ সামৰি ৩টাকৈ আন্তৰ্জাতিক ৰেলীৰ আয়োজন কৰিছিল।

এই ৰেলীৰ নেতৃত্বত আছে গুৱাহাটী IITৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অনুপ গগৈ আৰু NEFITৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱাই। কাৰ ৰেলীৰ ফ্লেগ অফ কৰাৰ পূৰ্বে মন্ত্ৰী পিযুষ হাজৰিকাই উত্তৰ পূবৰ উদ্যোগীসকলক বিদেশত এখন বজাৰ দিয়াৰ লগতে চুবুৰীয়া দেশসমূহৰ সৈতে এক বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে NEFITএ লোৱা প্ৰচেষ্টাৰ শলাগ লয়।

সভাত গুৱাহাটীৰ সাংসদ কুইন ওজাৰ বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে। বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল বিধায়ক দিগন্ত কলিতা, জনপ্ৰিয় অভিনেতা যতীন বৰা। কাৰ ৰেলীৰ অভিযাত্ৰীসকলক বঙাইগাঁও শোধনাগাৰত BRPLৰ উষ্ম আদৰণি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...