NSCN (IM) প্ৰধানৰ সৈতে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ৰুদ্ধদ্বাৰ বৈঠক

0 25

নাগালেণ্ডৰ চুমুকডিমাত NSCN (IM)ৰ প্ৰধান থুইগালেং মুইভাৰ সৈতে নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰুদ্ধদ্বাৰ বৈঠক: বৈঠকত উপস্থিত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং

নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন NSCN (IM)-এ ভাৰত চৰকাৰৰ ওচৰত জনাই অহা দীৰ্ঘ দিনীয়া দাবীৰ ভিতৰত নাগালেণ্ডৰ বাবে সুকীয়া পতাকা, সুকীয়া সংবিধান আৰু গ্ৰেটাৰ নাগালিমৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ সিদ্ধান্ত প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত এই আলোচনা প্ৰক্ৰিয়া দীৰ্ঘ সময় ধৰি লেহেমীয়া গতিত চলি থকাৰ সময়তে কালি দিল্লীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে NSCN (IM)ৰ প্ৰধান থুইগালেং মুইভাৰ সৈতে এক আলোচনা সম্পন্ন হৈছিল।

এই আলোচনাৰ পিছতেই উত্তৰ-পূৱৰ স্থায়ী শান্তিৰ কথা চিন্তা কৰি এই সমগ্ৰ বিষয়টো আলোচনাৰ বাবে নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দ্বায়িত্ব অৰ্পণ কৰে। তাৰে পৰিপ্ৰেক্ষিতত আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ বিমানেৰে ডিমাপুৰৰ বিমানবন্দৰত অৱতৰণ কৰি নাগালেণ্ডৰ চুমুকডিমাস্থিত নাগালেণ্ড আৰক্ষী নিৱেশৰ চৌহদত থকা এক বিশেষ আলোচনা কক্ষত এন এচ চি এন (আই এম) ৰ প্ৰধান থুইগালেং মুইভা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ ৰ লগত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়।

প্ৰায় ৪৫ মিনিট যোৰা এই ৰুদ্ধদ্বাৰ বৈঠকত নেদাৰ আহ্বায়ক গৰাকীয়ে NSCN (IM)ৰ প্ৰধান থুইগালেং মুইভাৰ লগত আলোচনা প্ৰক্ৰিয়া কেনেদৰে আগবঢ়ালে তাৰ সবিশেষ সংবাদ মাধ্যমৰ আগত অৱগত নকৰিলেও যদিও ইয়াৰ পৰা এক ধাৰণা স্পষ্ট হয় যে, NSCN (IM)ৰ দীৰ্ঘ দিনীয়া দাবী আৰু উত্তৰ পূবৰ স্থায়ী শান্তি আলোচনাৰ ওপৰতেই এই আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেয়া নিশ্চিত।

আনহাতে আজি নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত NSCN (IM)ৰ প্ৰধান থুইগালেং মুইভাৰ সৈতে হোৱা ৰুদ্ধদ্বাৰ বৈঠক কিমান ফলপ্ৰসূ হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ উঠিব, কিয়নো ২০১৪ বৰ্ষতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা এই আলোচনা প্ৰক্ৰিয়াৰ আজি পৰ্যন্ত কোনো ফলপ্ৰসূ সিদ্ধান্ত নোহোৱা কাৰ্যই এক তাৎপৰ্যপূৰ্ণ ইংগিত বহন কৰিছে।

বোকাজানৰ পৰা ত্ৰিদিপ বৰা, NKTV

Leave A Reply

Your email address will not be published.