যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন

যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। এই উপলক্ষে উক্ত দিনা দুপৰীয়া প্ৰেছ ক্লাৱত এক বিশেষ বক্তৃতা অনুষ্ঠান আয়োজন কৰা হৈছে‌। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশ্ব সন্মানীয় সংবাদ প্ৰতিষ্ঠান বি বি চি ৰ নতুন দিল্লীত কৰ্মৰত প্ৰখ্যাত সাংবাদিক অসম সন্তান শচীন গগৈয়ে। সংবাদ প্ৰতিষ্ঠানটোৰ সম্পাদকীয় প্ৰমুখ (এডিটৰিয়েল লীড)হিচাপে কৰ্মৰত গগৈয়ে সেইদিনা দিনৰ ১১ বজাত যোৰহাট প্ৰেছ ক্লাবত “সাম্প্ৰতিক সাংবাদিকতা ধাৰা আৰু ভাৰতবৰ্ষত সাংবাদিকতাৰ প্ৰত্যাহ্বান” শীৰ্ষক এক বক্তৃতা প্ৰদান কৰিব। আনহাতে, একে অনুষ্ঠানতে যোৰহাট মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ড০ সৌমিত্ৰ পূজাৰীয়ে যোৰহাটৰ সাংবাদিকতাৰ ইতিহাস শীৰ্ষক আন এক বক্তৃতা প্ৰদান কৰিব। তদুপলক্ষে যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অশোক কুমাৰ বৰুৱা আৰু সাধাৰণ সম্পাদক পৰমানন্দ বৰাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কাৰ্যসূচীত সকলো সাংবাদিক আৰু ৰাইজৰ উপস্থিতি কামনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...