‘সদিচ্ছা’ৰ সদৌ অসম ভিত্তিত ড০ ডলী দাস সোঁৱৰণী দিহা নাম প্ৰতিযোগিতা, প্ৰথম পুৰষ্কাৰ জিনিলে কোনে?

সুৰক্ষা, সচেতনতা আৰু সজীৱ জীৱনৰ দিশে এখোজ ক মূল মন্ত্ৰ হিচাপে লৈ অঙ্কুৰিত হোৱা মানুহৰ বাবে মানুহৰ মৰম বোটলা এটি অনুষ্ঠান। এই সদিচ্ছাই এইবাৰ পোন প্ৰথমবাৰৰ বাবে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত ৫ ৰ পৰা ১৯ নবেম্বৰলৈ অনুষ্ঠিত কৰিছে আন্তৰ্জাতিক অসম বাণিজ্য মেলা। মেলা প্ৰাংগনত অকল বেহা বেপাৰৰ উপৰিও আমাৰ কৃষ্টিৰ চেতনা জাগ্ৰত কৰি সংস্কৃতিৰ চৰ্চাৰ লগতে সংহতিৰ পৰিবেশ এটা গঢ়ি তোলাৰ মানসেৰে ৯ নবেম্বৰত আয়োজন কৰা হয় লোকৰত্নৰ্গভা ড০ ডলী দাস সোঁৱৰণী সদৌ অসম ভিত্তিত এক দিহানামৰ প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাখনি উদ্বোধন কৰে ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা । অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ লয় অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা সদিচ্ছাৰ উপদেষ্টা গায়ত্ৰী বৰুৱাই। প্ৰতিযোগিতাখনত বিচাৰকৰ আসন অলংকৃত কৰে বিশেষজ্ঞত্ৰয় ভদ্ৰকান্ত দাস, শ্ৰীমতী দুলু দত্ত আৰু দয়াৰাম বৰুৱাই। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দহটি দলে যোগদান কৰা প্ৰতিযোগিতাখনিত ক্ৰমে চানমাৰিৰ কৃষ্ণা দাসৰ দলে প্ৰথম , সুৰুজমূখী দিহা নামৰ দলে দ্বিতীয় আৰু সৃষ্টিৰূপা কৃষ্টি সমাজে তৃতীয় পুৰষ্কাৰ হিচাপে ক্ৰমে ১০,০০০ টকা, ৫,০০০ আৰু ৩,০০০ টকাৰ আৰ্থিক পুৰস্কাৰৰ লগতে এটি ট্ৰফি আৰু মানপত্ৰ অৰ্জন কৰিবলৈ সক্ষম হয়।


সন্ধিয়া অনুষ্ঠিত হোৱা বটা বিতৰণী সভাত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানতৰ অধ্যক্ষ হিতেশ তহবিলদাৰে অংশ গ্ৰহণ কৰি বাণিজ্য মেলা থলীত এনেদৰে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰি সংস্কৃতিৰো চৰ্চা কৰাৰ বাবে সদিচ্ছাৰ শলাগ লয়। প্ৰতিযোগী সকলৰ উজ্বল ভবিষ্যতৰ কামনা কৰি স্থান প্ৰাপ্ত সকলৰ মাজত বটাসমূহ বিতৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা নীতিন নবীন মোৰ বছ, মই তেওঁৰ কৰ্মী : প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় জনতা পাৰ্টিৰ নতুন সভাপতি নীতিন নবীন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

কি বিপদত পৰিল আবুধাবি? কিয় হঠাৎ দুঘণ্টাৰ বাবে ভাৰতলৈ আহিল UAEৰ ৰাষ্ট্ৰপতি?

ভাৰত ভ্ৰমণৰ বাবে আকস্মিকভাৱে উপস্থিত হয় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ...

পুনৰ চৰ্চাত কিম জং উন; পথৰ মাজতে বৰ্খাস্ত কৰিলে উপ-প্ৰধানমন্ত্ৰীক

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন কঠোৰ নীতি আৰু...

আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ...